দৰং জিলাত বাৰ্ষিক শিল্পী সন্মান লাভকৰা শিল্পীক আনুষ্ঠানিক প্ৰমাণপত্ৰ বিতৰণ

দৰং জিলাত বাৰ্ষিক শিল্পী সন্মান লাভকৰা শিল্পীক আনুষ্ঠানিক প্ৰমাণপত্ৰ বিতৰণ

দৰং জিলাত বাৰ্ষিক শিল্পী সন্মান লাভকৰা শিল্পীক আনুষ্ঠানিক প্ৰমাণপত্ৰ বিতৰণ
দৰং জিলাত বাৰ্ষিক শিল্পী সন্মান লাভকৰা শিল্পীক আনুষ্ঠানিক প্ৰমাণপত্ৰ বিতৰণ

দৰং জিলাত  নিয়মীয়া শিল্পী পেঞ্চন প্ৰাপক আৰু  বাৰ্ষিক শিল্পী সন্মান লাভকৰা শিল্পীক আনুষ্ঠানিক প্ৰমাণপত্ৰ বিতৰণ

মঙলদৈ, ১০ জুন: আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ  পৰা ২০২৪-২৫ বৰ্ষৰ শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান প্ৰাপকসকলক  প্ৰমাণপত্ৰ প্ৰদানৰ উদ্দেশ্যে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দৰং জিলাত ৭ গৰাকী নিয়মীয়া শিল্পী পেঞ্চন প্ৰাপক আৰু ১৪ গৰাকী বাৰ্ষিক শিল্পী সন্মান লাভকৰা শিল্পীয়ে এই অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ লাভ কৰে।
    জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে  ভাষণত শিল্পীসকলক অভিনন্দন জ্ঞাপন কৰে আৰু শিল্পীসকলৰ প্ৰতি এই সন্মান জনোৱাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক  ধন্যবাদ জনায়। 
    অনুষ্ঠানত প্ৰমাণপত্ৰ লাভ কৰা শিল্পীসকলেও তেওঁলোকক এই সন্মান দিয়াৰ বাবে জিলা প্ৰশাসন তথা অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। 

   

 ইয়াৰ উপৰিও জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে সাংবাদিকসকলৰ লগত মত বিনিময় কৰে। জিলাখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বিষয়ে জনায়। তেওঁ জিলাখনত বানপানীৰ সময়ত লবলগীয়া ব্যৱস্থাসমূহ যেনে খাদ্য, সাহাৰ্য শিবিৰ আদিৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানত বানপানীৰ প্ৰস্তুতি সম্পৰ্কত পাৱাৰ পইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে জনায়। আয়ুক্ত গৰাকীয়ে জিলাখনত পৰ্যাপ্ত পৰিমাণৰ খাদ্য জমা আছে আৰু খাদ্যৰ নাটনি নহয় বুলি কয়।
      অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত পাপৰি দাস সহকাৰী আয়ুক্ত স্মৃতাশ্ৰী বৰুৱা, সাংস্কৃতিক বিষয়া, শিল্পীসকল আৰু সাংবাদিকসকল উপস্থিত থাকে।