দুমুনিচকীত ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত অনুষ্ঠিত হব ফুটবলৰ মহাৰণ।

সংবাদ ডিজিটেল, দুমুনিচকী ৮ ডিচেম্বৰ: বিগত বছৰকেইটিৰ দৰে এইবেইলিও দৰঙৰ দুমুনিচকীত ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত অনুষ্ঠিত হব ফুটবলৰ মহাৰণ। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হব লগা  দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাখনিৰ  উদ্বোধনী অনুষ্ঠানত ২০০ গৰাকী নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।  ট্ৰফী সহ বিজয়ী দলক ১০০০০১ (এক লাখ এক) টকা বিজিত দলক ৬০০০১ (ষাঠি হাজাৰ এক)টকাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈক  অন্যান্য বঁটা প্ৰদান কৰা হব বুলি জনাইছে উদ্যক্তাই ।

দিবা নৈশ ফুটবলৰ লগত সংগতি ৰাখি সন্ধিয়া  ১৫ ডিচেম্বৰ সন্ধিয়া উদ্বোধনী খেলৰ লগতে অনুষ্ঠিত হব এক বাৰেৰহনীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। জনপ্রিয় কণ্ঠ শিল্পী ৰিছা ভৰদ্বাজ, ঈশান আফ্ৰিদী, প্ৰিন্স নিহাল ৰ সাংস্কৃতিক অনুষ্ঠান। একেদৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকিব কলকাতাৰ জনপ্ৰিয় গায়িকা মৰমিতা মিত্রা। উদ্ধোধনী ফুটবল খেলখনত প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, সাংবাদিক চক্রপাণি পৰাশৰ, বিশিষ্ট সাহিত্যিক ডা:অমৰেন্দ্ৰ নাৰায়ণ দেৱ, সমাজসেৱিকা ৰিজুমণি তালুকদাৰ, যুৱ নেতা দুলু আহমেদ প্রমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে ।