কৃতি শিক্ষকৰ বিদায় সম্বৰ্ধনা সভা
কৃতি শিক্ষকৰ বিদায় সম্বৰ্ধনা সভা
*কৃতি শিক্ষকৰ বিদায় সম্বৰ্ধনা সভা*
দৰঙ জিলাৰ দেওমৰনৈ সমীপৰ ৫০১ নম্বৰ পূৱ বড়িগাঁও প্ৰাথমিক অৱসৰী প্ৰধান শিক্ষক মাননীয় শ্ৰী ৰজত হাজৰিকা দেৱক আজি ৰাজহুৱা বিদায় সম্বৰ্ধনা সভা যোগে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰী থগেশ্বৰ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় শ্ৰী বাবুল নাথ দেৱে।
সভা কৃতি শিক্ষক হাজৰিকা দেৱক বিদ্যালয় শিক্ষক/কৰ্মচাৰী গোটৰ লগতে ৰাইজৰ ফালৰ পৰা ফুলাম গামোচা,সম্বৰ্ধনা পত্ৰ,জাপি,শৰাই,পাদুকা,লাখুটী,ডায়েৰী,ধৰ্মগ্ৰন্থ,কলম আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। মাননীয় শ্ৰী ভৱেশ শৰ্মাই চা-চিনাকি অনুষ্ঠান ৰূপায়ন কৰা অনুষ্ঠানটিৰ আটধৰে অপূৰ্ব চহৰীয়া দেৱে।সভা সহকাৰী শিক্ষক কুশুমাঞ্জলী চহৰীয়া, কেন্দ্ৰ সমন্বয়ক তথা সহকাৰী শিক্ষক ইণ্টাজুল হক,সমাজ সেৱক বিষ্ণু ৰাম শৰ্মাৰ লগতে ভালে কেইজন বিশিষ্ট ব্যক্তিয়ে ভাষন আগবঢ়ায়।সভাৰ শেষত হাজৰিকা দেৱক ঘৰলৈ লৈ গৈ থৈ অহা হয়।