ছিপাঝাৰ আৰু মঙলদৈত খেল মহাৰণৰ সমষ্টিভিত্তিক উদ্ধোধনী অনুষ্ঠান
ছিপাঝাৰ আৰু মঙলদৈত খেল মহাৰণৰ সমষ্টিভিত্তিক উদ্ধোধনী অনুষ্ঠান
জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯৮/২০২৩
*ছিপাঝাৰ আৰু মঙলদৈত খেল মহাৰণৰ সমষ্টিভিত্তিক উদ্ধোধনী অনুষ্ঠান*
মঙলদৈ, ২৯ নৱেম্বৰ: আজি দৰং জিলাৰ ছিপাঝাৰ আৰু মঙলদৈ বিধানসভা সমষ্টিত খেল মহাৰণ, ২০২৩ ৰ বিধানসভা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন অনুষ্ঠিত হয়।
আজি ছিপাঝাৰ ক্ৰীড়া প্ৰকল্পত আয়োজিত ছিপাঝাৰ সমষ্টিভিত্তিক খেল মহাৰণ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে এই খেল মহাৰণে গাঁৱে-ভুঞে থকা ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশ সাধন কৰাৰ লগতে তেওঁলোকক ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব বুলি মন্তব্য কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ খেল মহাৰণ, অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে অভিনৱ কাৰ্যসূচীয়ে নৱপ্ৰজন্মৰ প্ৰভূত উন্নয়ন সাধন কৰিব বুলি তেওঁ লগতে কয়। ছিপাঝাৰ বিধানসভা সমষ্টিভিত্তিক খেল মহাৰণৰ অলিম্পিক শিখা প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। হাজৰিকাই তেওঁৰ ভাষণত খেল মহাৰণৰ দৰে এক ক্ৰীড়া প্ৰতিযোগিতা সূচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ এনে প্ৰতিযোগিতাই ৰাজ্যৰ চুকে-কোনে থকা খেলুৱৈসকলক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মন্তব্য কৰে। হিমা দাসৰ দৰে খেলুৱৈৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ খেল মহাৰণত অংশ লোৱা খেলুৱৈয়েও এদিন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে খেল মহাৰণে জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰত নতুন আশা আৰু উৎসাহজনক পৰিবেশৰ সৃষ্টি কৰিছে । বিধানসভা পৰ্যায়লৈ নিৰ্বাচিত হৈ অহা খেলুৱৈসকললৈ জিলা আৰু ৰাজ্যিক পৰ্যায়তো সফলতা লাভৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা উপস্থিত আছিল।
আজি মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মঙলদৈ বিধানসভা সমষ্টিৰ খেল মহাৰণৰ কাৰ্যসূচীৰ শুভ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে কয় যে মঙলদৈ সমষ্টি তথা দৰং জিলাৰ বহুকেইগৰাকী খেলুৱৈয়ে ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা তথা সুনাম অৰ্জন কৰিছে। নৱপ্ৰজন্মৰ খেলুৱৈয়েও এই সফলতাৰ ধাৰা অব্যাহত ৰাখিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ক্ৰীড়াৰ অনুশীলনে নৱপ্ৰজন্মক বিভিন্ন সামাজিক ব্যাধি তথা কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ লগতে সমাজত ঐক্য আৰু ভাতৃত্বৰ বান্ধোন সুদৃঢ় কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে মঙলদৈ সমষ্টিৰ খেলুৱৈয়ে খেল মহাৰণত জিলা আৰু ৰাজ্যিক পৰ্যায়তো সফলতা অৰ্জন কৰিব বুলি তেওঁ আশাবাদী। 'দৃঢ় সংকল্প, একাগ্ৰতা, আৰু নিষ্ঠা' ক মন্ত্ৰ হিচাপে লৈ আগবাঢ়ি যাবৰ বাবে তেওঁ খেলুৱৈসকলৰ লগতে নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায়।
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজিৰ খেল মহাৰণৰ ক্ৰীড়া প্ৰতিযোগিতা উদ্ধোধন কৰে জেষ্ঠ্য ক্ৰীড়াবিদ বীৰেন মেধিয়ে । আজিৰ এই উদ্ধোধনী অনুষ্ঠানত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, বিশিষ্ট সমাজকৰ্মী মুকুল ডেকা উপস্থিত আছিল।
আজি ছিপাঝাৰ আৰু মঙলদৈ বিধানসভা সমষ্টিৰ খেল মহাৰণৰ উদ্ধোধনী অনুষ্ঠানত অংশলোৱা খেলুৱৈসকলৰ লগতে ক্ৰীড়াবিদ, ক্ৰীড়ানুৰাগী ব্যক্তি, ছাত্ৰ -ছাত্ৰী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।