দৰঙতো অসম আন্দোলনৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি

দৰঙতো অসম আন্দোলনৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি

দৰঙতো অসম আন্দোলনৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি
দৰঙতো অসম আন্দোলনৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি

*দৰঙতো অসম আন্দোলনৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি*

*দৰং, ১০ ডিচেম্বৰ*: সমগ্ৰ ৰাজ্যৰ লগতে আজি দৰং জিলাতো ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া ৮৫৫ গৰাকীৰো অধিক শ্বহীদক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰা শ্বহীদ স্মাৰকৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় আৰু দৰঙৰ জনসাধাৰণ এই ঐতিহাসিক মুহূর্তৰ সাক্ষী হৈ ৰয় ৷ 

মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত  উক্ত অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত হৈ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ অসম আন্দোলনত প্ৰথম প্ৰাণ আহুতি দিয়া খৰ্গেশ্বৰ তালুকদাৰৰ শ্বহীদ হোৱা ১০ ডিচেম্বৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে। শ্বহীদসকলৰ ত্যাগ আৰু দেশপ্ৰেমৰ নিদৰ্শন চিৰদিন অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব বুলি কয়। মন্ত্ৰীগৰাকীয়ে অসম আন্দোলনত দৰঙৰ অৱদান যথেষ্ট আছিল বুলি  কয় আৰু দৰঙৰ পৰা ৫৮ জন লোক এই আন্দোলনত শ্বহীদ হৈছিল সেইবিষয়ে উল্লেখ কৰে।

অনুষ্ঠানত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাই ৰচনা কৰা “শ্বহীদ প্ৰনামো তোমাক” গীতটি সামূহিকভাৱে ১০ হাজাৰৰো অধিক লোকে পৰিবেশন কৰে।

অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, জেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা, মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মাকে ধৰি শ্বহীদ পৰিয়ালৰ সদস্যসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া, শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।