বৃহত্তৰ ডুমুনিচকী সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ বিশেষ সভা
বৃহত্তৰ ডুমুনিচকী সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ বিশেষ সভা
বৃহত্তৰ ডুমুনিচকী সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ বিশেষ সভা
কামৰূপ জিলাৰ বৃহত্তৰ ডুমুনিচকী সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী ২০২৪ বৰ্ষৰ এখন বিশেষ সাধাৰণ সভা বৃহস্পতিবাৰে সম্পন্ন হয় । সোণালী জয়ন্তীৰ উদ্যাপন সভাপতি ৰাজেন্দ্ৰ চৌধুৰী মুখ্য সম্পাদক মহেশ্বৰ বড়া অৱগত কৰা মতে সোণালী জয়ন্তী উদ্যাপনৰ অগ্ৰগতি সম্পৰ্কে হোৱা সাধৰণ সভাখনত অনুষ্ঠিত হয় । বিশিষ্ট সাহিত্যিক, অৱসৰী শিক্ষক পৃথুৰাম বৰুৱাৰ সঞ্চালনা অনুষ্ঠিত সভাখনত ডিজিটেল ব্যৱস্থাৰ বাবে QR কোড উন্মোচন কৰে দুমুনিচকীৰ বিশিষ্ট ব্যৱসায়ী লুটফুৰ ৰহমানে । একেদৰে ৰিছিভ বুক উন্মোচন কৰে সমাজকৰ্মী মনমোহন ডেকা,বতহুৰাম কুমাৰ আৰু অৱসৰী শিক্ষক ৰজনী কান্ত তালুকদাৰে । স্থানীয় যুৱ সমাজকৰ্মী মহিবুদ্দিন আহমেদ খণ্ডকৰ আঁতধৰা অনুষ্ঠানত অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, বিশিষ্টসমাজকৰ্মীভৈৰৱ চৌধুৰী, ডা:মৃদুল আহমেদ প্ৰমুখ্য কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সোণালী জয়ন্তী ২০২৪ বৰ্ষৰ অনুষ্ঠান সমূহ সফল কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ।