নৱাগত আদৰনি সভা সফল সামৰনি
নৱাগত আদৰনি সভা সফল সামৰনি
বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰনি সভা সামৰনিঃ
দৰঙৰ আন্ধেৰীঘাটস্থিত বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰনি সভা সফল সামৰনি ৷ পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলননেৰে শুভাৰম্ভ কৰা বিভিন্ন কাৰ্যসুচীৰ পিচত মহাবিদ্যালয়ৰ প্ৰাচিৰ পত্ৰিকা “ ফেহুজালি” উন্মোচন কৰে দেবেন্দ্ৰ নাথ ডেকাই ৷
দুপৰীয়া অনুষ্ঠিত হয় সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠান ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ দীন ৰাজবংশীয়ে সভাপতিত্ব কৰা সভাত নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰে যুৱ সাংবাদিক এঞ্জেলা চাংমাই ৷ ভাষনত সাংবাদিক এঞ্জেলা চাংমাই সাম্প্ৰতিক সময়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু গুৰু মণ্ডলী ৰ ভুমিকা কি আৰু কেনে হোৱা উচিত তাক লৈ আলোকপাত কৰে ৷
উল্লেখযোগ্য যে অসমীয়া জাতিৰ অস্তিত্বৰ বাবে অসমীয়াই ৰাজপথত চিঞৰি বা মঞ্চত ডাঙৰ ডাঙৰ ভাষন দিলে অসমীয়া ভাষা, অসমীয়া গামোচা জীয়াই নাথাকে ৷ যেতিয়া পাৱাৰলুমৰ গামোচা এৰি অসমীয়া শিপীনীয়ে বোৱা গামোচা লৱ বা পশ্চিমীয়া সংস্কৃতি এৰি শংকৰদেৱ মাধৱদেৱ গুৰজনাৰ আদৰ্শ গ্ৰহন কৰি সমাজত আধ্যাত্মিকতাৰ বীজ ৰোপন কৰিব তেতিয়াই অসমীয়া জাতি ঠনধৰি উঠিব বুলি ভাষন প্ৰসংগত সাংবাদিক এঞ্জেলা চাংমাই উল্লেখ কৰে ৷