গীত কথা আৰু কবিতাৰ এটা আবেলি
গীত কথা আৰু কবিতাৰ এটা আবেলি
পথৰুঘাট শাখা সাহিত্যসভাৰ 'পাঠচক্ৰ' অনুষ্ঠান । গীত কথা আৰু কবিতাৰ এটা আবেলি।কৃতি শিক্ষকলৈ সম্বধনা অসম সাহিত্য সভাৰ সক্ৰীয় শাখা পথৰুঘাট শাখা সাহিত্য সভাৰ উদ্যোগত, ৰামধেনু আৰু আকাশৰ সহযোগত এখনি বিশেষ পাঠ চক্ৰ আৰু গীত কথা কবিতাৰ এটা আবেলি শীৰ্ষক অনুষ্ঠানৰ সম্পন্ন হয় ।
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিনৰ লগত সংগতি ৰাখি শিল্গী গৰাকিলৈ পুস্পাঞ্জলি আৰু জীৱন কৃতিৰ আলোকপাতেৰে শ্ৰদ্ধাঞ্জলি জনাই শাখাৰ উপসভাপতি ৰমণী কান্ত ডেকাই । উপসভাপতি ৰমণি কান্ত গৰাকীৰ আতিথ্যত তেঁওৰ বাসগৃহ চৌহদত আয়োজন কৰা গাম্ভিয্যপূৰ্ণ অনুষ্ঠান খনত আকাশৰ সদস্যৰ লগতে ৰামধেনু গোটৰ যুৱক যুৱতী সকল আৰু শাখাৰ সদস্য সকলে স্বৰচিত কৰিতা গল্গ আৰু গীত পৰিবেষনেৰে বিশেষ অনুষ্ঠানটো সুমধুৰ কৰি তোলে ।
সভাখনত পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা শাখাৰ সভাপতি চাহাবুদ্দিন আহমেদলৈ অসম চৰকাৰে আগবঢ়োৱা ২০২৪ বৰ্ষৰ জিলা কৃতিশিক্ষকৰ বঁটাৰ বাবে শাখা সভাৰ তৰফৰ পৰা ফুলাম গামোচা।, মান পত্ৰ, আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয় । ৰামধেনু গোতৰ শিল্গী সকলৰ সমবেত সংগীতেৰে সভাখন আৰম্ভ কৰা হয় ।
সম্পাদক কণ আলি হাজৰিকাই আত ধৰা অনুষ্ঠানটোত সমাজ সেৱক দেৱানন্দ দাস ,ক্ষীৰোদ বৰুৱা ,অসম সাহিত্য সভাৰ আজীৱন সভ্য চৰিফুল হ'ক আছু নেতা চলমান খানে ভাষন প্ৰদান কৰে ।আনহাতে সমাজ সেৱক লম্বোদৰ বৰুৱা ,ভৱেন ডেকা, চালেমা বেগম ,সব্যাবালা কলিতা পঙ্কজ বৰুৱা অসম সাহিত্য সভাৰ আজীৱন সভ্য , জয়ন্ত কলিতা আৰু লাবন্য ডেকাকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ উপৰিও শাখাৰ , ৰাবধেনু আকাশ আৰু কুঁহিৰ সদস্য সকল উপস্থিত থাকে ।
শাখাৰ সভাপতি চাহাবুদ্দিন আহমেদৰ অধ্যক্ষতাত অনুস্থিত পাঠ চক্ৰৰ অনুষ্ঠানত কবিতা পাঠ কৰে ক্ৰমে ৰেচমিনাৰা বেগম ,চবিনা ইয়াচমিন,মোস্তাফিজুৰ ৰহমান, মনালিচা কলিতা ,ক্ষীৰদা ডেকাআৰু কস্তুৰী শইকীয়াই ।পঠিত কবিতা সমুহৰ সাম্যক পয্যালোচনা আগবঢ়াই শাখাৰ প্ৰত্ৰিকা সম্পাদক জাকিৰ হুছেইনে । সভাখনত ক্ষীৰদা ডেকা,চবিনা ইয়াচমীন আৰু নিচান ডেকাই পৰিবেশন কৰা গীতে অনুস্থানৰ সৌস্তৱ বঢ়াই ।