জিলা ভিত্তিক শিক্ষক প্ৰশিক্ষণ

দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ জিলা ভিত্তিক শিক্ষক প্ৰশিক্ষণ

দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ জিলা ভিত্তিক শিক্ষক প্ৰশিক্ষণঃ

দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত বৰমপুৰ জাতীয় বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসুচীৰে জিলা ভিত্তিক শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত হয়।ৰাতিপুৱা ভুৱনেশ্বৰ ডেকাই বন্তিপ্ৰজ্বলনৰে আৰম্ভ কৰা জিলাভিত্তক শিক্ষক প্ৰশিক্ষণ প্ৰদানৰ শুভউদ্বোধন কৰে গিৰীন্দ্ৰ শৰ্মাই।দৰংজিলাৰ অন্তৰ্গত কেইবাখনো জাতীয় বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা শিক্ষক শিক্ষয়ত্ৰী সকলক কেইবা গৰাকীও বিশিষ্ট শিক্ষাবিদে সমলব্যক্তি হিচাবে অংশগ্ৰহণ কৰি প্ৰাক বিদ্যালয়, ইংৰাজী,গণিত,সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শিক্ষাদান সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে।আনহাতে শৈক্ষিক পৰিৱেশে বিৰাজ কৰা জিলাভিত্তিক প্ৰশিক্ষণৰ অন্তত সমন্বয় ৰক্ষী সমিতিৰ সম্পাদক উপেন্দ্ৰ চন্দ্ৰ ডেকা আৰু হেমন্ত কুমাৰ বৰুৱাই আঁতধৰা সভাৰ সঞ্চালনা কৰে কনক নাথে।শিক্ষক শিক্ষয়ত্ৰীৰে পৰিপূৰ্ণ সম্বৰ্ধনা তথা মানপত্ৰ বিতৰণ অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী,বিশিষ্ট সাংবাদিক ভাৰ্গৱ কুমাৰ দাস,গণেশ দত্ত,প্ৰশিক্ষণৰ সমল ব্যক্তি মুকুট ভূঞা,মিৰণ দেৱীসহ ভালেমান বিশিষ্টব্যক্তিয়ে অংশগ্ৰহণ কৰে।

দিপীলাৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট।ছিপাঝাৰ নিউজ।