গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সামৰণি 

গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সামৰণি 

গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সামৰণি 
গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সামৰণি 

অসমীয়া ভাষা আৰু সংস্কৃতিৰ পৰিমণ্ডলৰ মাজত আমাৰ ল'ৰা ছোৱালী বোৰক ৰাখিব পৰা নাই - জয়ন্ত মাধৱ বৰা 

শিশুৰ সৰ্বাংগীন প্ৰতিভা বিকাশৰ বাবে অনুষ্ঠান আয়োজন কৰাটো সামাজিক অনুষ্ঠান বোৰৰ এক জাতীয় দায়িত্ব - ডঃ দুলাল হাজৰিকা

তুৰাইত পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটে আয়োজন কৰা গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সামৰণি 

"অসমীয়া ভাষা আৰু সংস্কৃতিৰ পৰিমণ্ডলৰ মাজত আমাৰ ল'ৰা ছোৱালী বোৰক ৰাখিব পৰা নাই । কিন্তু ইয়াৰ বিপৰীতে  হিন্দী আৰু ইংৰাজী ভাষা আৰু সংস্কৃতিৰ সৈতেহে আমাৰ ল'ৰা ছোৱালীক চিনাকি কৰাই দিয়া হৈছে" এই মন্তব্য সাহিত্য অকাডেমি বঁটা প্ৰাপক  জয়ন্ত মাধৱ বৰাৰ। দৰং জিলাৰ এটি আগশাৰীৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক অনুষ্ঠান পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটে আয়োজন কৰা গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক বৰাই আৰু কয় যে পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটে কণ-কণ লৰা ছোৱালীবোৰক সংগীত কৰ্মশালাত কেৱল গীতেই শিকোৱা হোৱা নাই তেওঁলোকক  নিশ্চয় অসমীয়া হ'বলৈ শিকালে।

যোৱা ৮ জুলাইৰ পৰা ১৬ জুলাই,২০২৪ তাৰিখলৈ অনুষ্ঠিত কৰা সংগীত কৰ্মশালাত জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণু প্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা,ভূপেন হাজৰিকা, খগেন মহন্ত,উৎপল বেজবৰুৱাৰ গীত শিকোৱাৰ লগতে বৰগীত,জিকিৰ, ৰাষ্ট্ৰীয় সংগীত,অসম সংগীত,চিৰ চেনেহী মোৰ ভাষা জননী আৰু শ্ৰীময়ী অসমী শীৰ্ষক আদি অসমীয়া যাউতিযুগীয়া গীত সমূহ শুদ্ধ ৰূপত গাবলৈ চিনাকি কৰাই দিয়া হয়। অৰ্ধ শতাধিক কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰা গ্ৰীষ্মকালীন সংগীত কৰ্মশালা  খনত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট সংগীত পৰিচালক প্ৰভাত বণিয়া। পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইনে আঁত ধৰা গাম্ভীয্যপূৰ্ণ সামৰণী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাহিত্যিক তথা বিদ্যা ভাৰতী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ দুলাল হাজৰিকাই বক্তব্য প্ৰসংগত  এইদৰে কয় যে "শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে গাঁৱে গাঁৱে প্ৰতিভা বিকাশৰ নানা অনুষ্ঠান আয়োজন কৰাটো সামাজিক অনুষ্ঠানবোৰৰ এক জাতীয় দায়িত্ব।

এইবোৰৰ মাজেৰে এখন শ্ৰেণীহীন, বৰ্ণহীন মানৱ সমাজৰ প্ৰমূল্য ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰিব পাৰে। সমাজৰ একেবাৰে পিছপৰা দৰিদ্ৰজনৰ বাবেও এইবোৰ অনুষ্ঠানে এক সুযোগ আনে। দৰিদ্ৰতাৰ পৰা মুক্তিৰ বাবে ল'ৰা ছোৱালীয়ে এইবোৰৰ মাজেৰেই শক্তি গোটায়, নিজৰ জীৱনটোক সঠিক পথত আগুৱাই নিব পাৰে। দৰিদ্ৰ জনক সবল কৰা আৰু দহৰ কল্যাণৰ বাবে জীৱন উৎসৰ্গা কৰাটোৱেই শিক্ষাৰো মুল উদ্দেশ্য"। সামৰণি অনুষ্ঠানটিত শিক্ষাৰ্থী সকলে গীত পৰিৱেশন কৰাৰ মাজে মাজে অনুষ্ঠানত বক্তব্য প্ৰদান কৰে ক্ৰমে -দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ ৰামচন্দ্ৰ ডেকা, অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা, অসমীয়া খৱৰ কাকতৰ সাংবাদিক গগণ কুমাৰ নাথ,পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত জিলা কৃষি পৰিদৰ্শক যোগেন্দ্ৰ কুমাৰ শৰ্মা আৰু প্ৰশিক্ষক প্ৰভাত বণিয়াই।


কৰ্মশালা খনত সহযোগী প্ৰশিক্ষক হিচাপে উপস্থিত থাকে  জ্যোতিস্মিতা ৰাজৱংশী আৰু নিকুমণি ডেকা। অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ আঁত ধৰে যুৱ সাহিত্যসেৱী আব্দুল মোস্তাকে।  সামৰণি অনুষ্ঠানটোত প্ৰশিক্ষক জ্যোতিস্মিতা ৰাজবংশী আৰু শিশু শিল্পী ফাৰিহা আহমেদে একোটিকৈ গীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানটিত  বিশেষ ভাৱে উপস্থিত থাকে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়া,

ৰাজ্যিক পুৰষ্কাৰ প্ৰাপ্ত কৃতী শিক্ষক হাফিজ আলি,পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদ, সহকাৰী শিক্ষক ইলতাফ আলি, ছিপাঝাৰ জনতা চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ বিষয় শিক্ষক চফিকুল হক, কামৰূপ জিলাৰ সোনাপুৰ শাখা সাহিত্য সভাৰ সভাপতি ৰূপম চৌধুৰী, কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য ৰক্তিমা বৰুৱা, সাংবাদিক ক্ৰমে হেমচন্দ্ৰ শৰ্মা আৰু ইন্দাদুল হক,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক চুমন বৰদলৈ, ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক প্ৰাৰ্থপ্ৰতিম চহৰীয়া, পাথৰিঘাট গাঁৱৰ গাওঁ প্ৰধান আজমল হুছেইন, অৱসৰপ্ৰাপ্ত সেনা জোৱান চামচুল হক,সমাজকৰ্মী ক্ৰমে আবু চালেহ,আলি ইক্ৰাম, জাকিৰ হুছেইন আৰু আব্দুল কাদিৰ। পথৰু সমন্বয় গোষ্ঠী,

পথৰুঘাটৰ সদস্য ইমৰান হুছেইন,পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক চলমান খান, প্ৰাক্তন সম্পাদক মোদাচ্চিৰ হক, আতিকুৰ ৰহমান, হিমাংশু বৰুৱা আদি কৰি শতাধিক লোক উপস্থিত থাকে। মূলতঃ ইতিহাস প্ৰসিদ্ধ  বৃহত্তৰ পথৰুঘাট অঞ্চলত সংগীতৰ সুস্থ পৰিবেশ সৃষ্টিৰ উদ্দেশ্যে নৱ প্ৰজন্মক উদ্বুদ্ধ  কৰি  প্ৰচলিত আধুনিক গীতৰ সমান্তৰালকৈ এসময়ৰ যউতিযুগীয়া গীত -মাত সমূহক তুলি ধাৰাৰ প্ৰয়াসেৰে পথৰু সমন্বয় গোষ্ঠীয়ে  বিগত বৰ্ষটো এনে প্ৰদক্ষেপ গ্ৰহণ কৰি অহাৰ দৰে এইবেলি ঐতিহ্যমণ্ডিত ঘোঁৰাশাল গাঁৱৰ তুৰাই প্ৰাথমিক বিদ্যালয়ত গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ অনুষ্ঠিত কৰে।