দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰণ কাৰ্যসূচী
দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰণ কাৰ্যসূচী
দৰং জিলাৰ মাৰুৱাচকীত বেচৰকাৰী সংস্থা চচাইটি ফৰ ব্ৰাইথ ফিউচাৰ দৰং শাখাৰ শীতকালিন বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ।
সংবাদ ডিজিটেল, দুমুনিচকী ২১ জানুৱাৰী: দৰং জিলাৰ মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি বেচৰকাৰী সংস্থা চচাইটি ফৰ ব্ৰাইথ ফিউচাৰে মাৰুৱাচকী যুৱ একতা সংঘৰ সহযোগত বৃহত্তৰ মাৰুৱাচকী অঞ্চলৰ লগতে সানোৱা, মাৰৈ, হেতমতোলা ইত্যাদি অঞ্চলৰ কিছু অতি দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে।
এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত কৰা হয়। এই সভাত সভাপতিত্ব কৰে দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাজেন চমুৱা ডাঙৰীয়াই, সমাজ সেৱক আলাউদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল লতিফ, এচ বি এফৰ পৰা মতিউৰ ৰহমান, মাৰুৱাচকী যুৱ একতা সংঘৰ পৰা মতিবুল হক, হেকিমুল হক আৰু আন আন কৰ্মকৰ্তা সকলে অংশ গ্ৰহণ কৰে।
আজিৰ কাৰ্যসূচীত প্ৰায় সত্তৰ গৰাকী অতি দুখীয়া পৰিয়ালৰ সদস্যক সামৰি লোৱা হয়।