দৰং জিলাৰ তিনিওটা সমষ্টিত হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত গৃহ নিৰ্মাণৰ বাবে আবণ্টন আৰু শুভেচ্ছা পত্ৰ বিতৰণ
দৰং জিলাৰ তিনিওটা সমষ্টিত হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত গৃহ নিৰ্মাণৰ বাবে আবণ্টন আৰু শুভেচ্ছা পত্ৰ বিতৰণ
দৰং জিলাৰ তিনিওটা সমষ্টিত হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত গৃহ নিৰ্মাণৰ বাবে আবণ্টন আৰু শুভেচ্ছা পত্ৰ বিতৰণ।
মঙলদৈ, ১৯ মাৰ্চ: আজি দৰং জিলাৰ তিনিওটা বিধানসভা সমষ্টি মঙলদৈ, ছিপাঝাৰ আৰু দলগাঁৱৰ হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত গৃহ নিৰ্মাণৰ বাবে আনুষ্ঠানিকভাৱে আবণ্টন আৰু শুভেচ্ছা পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। সেই অনুসৰি আজি মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে । বিধায়ক বসন্ত দাসে ভাষণত কয় যে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত স্বচ্ছ আৰু নিকাভাৱে আৱন্টন পত্ৰ মঞ্জুৰ কৰা হৈছে। তেওঁ দুখীয়া লোকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰাৰ লগতে জনসাধাৰণ কিদৰে উপকৃত হৈছে তাৰ ওপৰতো মন্তব্য ৰাখে। বিধায়কগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। পৰ্যায়ক্ৰমে যোগ্য হিতাধিকাৰী সকলোৱে ঘৰ পাব বুলি উল্লেখ কৰে।
অনুষ্ঠানত অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে ভাষণত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী সকলক বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ লগতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে বুলি মন্তব্য কৰে। তেওঁ ঘৰ আবন্টন পোৱাসকলোকে ধনৰাশি সৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে মঙলদৈ সমষ্টিত ৩১৩৭ গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত আবন্টন পত্ৰ লাভ কৰে।
অনুৰূপধৰণে ছিপাঝাৰ সম জিলা কাৰ্যালয়ৰ সন্মূখত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী । বিধায়কগৰাকীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত আবন্টন পত্ৰ লাভ কৰা হিতাধিকাৰীসকলৰ মাজত আবন্টন পত্ৰ প্ৰদান কৰে। ছিপাঝাৰ সমষ্টিত ৫৭০৩ গৰাকী হিতাধিকাৰীয়ে আৱন্টন পত্ৰ লাভ কৰে।
দলগাঁও সম জিলাতো অনুষ্ঠিত হয় উক্ত আৱন্টন পত্ৰ প্ৰদান কাৰ্যসূচী। দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে আনুষ্ঠানিক ভাৱে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত হিতাধিকাৰীসকলৰ মাজত আৱন্টন পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে দলগাঁও বিধানসভা সমষ্টিত মুঠ ৫৬৪৫ গৰাকী হিতাধিকাৰীয়ে আৱন্টন পত্ৰ লাভ কৰে।
দৰং জিলাত সৰ্বমুঠ ১৪৭৩০ গৰাকী হিতাধিকাৰীয়ে গৃহ আৱন্টন পত্ৰ লাভ কৰে।
আটাইকেইটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা পলাশবাৰীৰ ৰামপুৰ হাইস্কুলত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।