দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

জনসংযোগ, দৰং 
প্ৰেছ বিজ্ঞপ্তি নং-৮৭/২০২৩

*দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন*

মঙলদৈ, ১৬ নৱেম্বৰ: আজি দৰং জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, দৰঙৰ  উদ্যোগত দৰং জিলাৰ বিভিন্ন সাংবাদিক সংগঠন আৰু অনুষ্ঠানৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ।

দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এই প্ৰেছ দিৱস উদযাপন অনুষ্ঠানত সভাপতিত্ব কৰে জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে জিলাখনৰ জেষ্ঠ্য সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, সাংবাদিক আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছহিৰ ভূঞা,  নতুন দ্যৌৰঙ্গ কাকতৰ সম্পাদক শংকৰ কাকতিয়ে । আজিৰ অনুষ্ঠানত  "কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম" বিষয়ক বক্তৃতা প্ৰদান কৰে গনমাধ্যম ক্ষেত্ৰৰ গৱেষিকা জ্যোতিষা শইকীয়াই  ।


       আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি জেষ্ঠ্য সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে সাংবাদিকসকলে স্ব-আৰোপিত শৃংখলা আৰু নৈতিকতা মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে কয় যে আন সকলো ক্ষেত্ৰৰ দৰে সাংবাদিকতাতো ক্ৰমবৰ্দ্ধিত প্ৰতিযোগিতাই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰিছে । সাংবাদিকতা আৰু আন সকলো বৃত্তিত জড়িতলোকে কৃত্ৰিম বুদ্ধিমত্তাক সমাজৰ সামগ্ৰিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিব লাগিব বুলি তেওঁ লগতে কয়।
    অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছহিৰ ভূঞাই বৰ্তমান যুগত এগৰাকী সাংবাদিকৰ সফলতা তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ দক্ষতাৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰে ।অনুষ্ঠানত নতুন দ্যৌৰঙ্গ কাকতৰ সম্পাদক শংকৰ কাকতিয়ে যোৱা পাঁচটা দশকত সংবাদ পৰিবেশনৰ গতি কিমান দ্ৰুততাৰে বৃদ্ধি পালে তাৰ বিষয়ে মনোগ্ৰাহী ব্যাখ্যা আগবঢ়ায়।


         কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম বিষয়ক ভাষণ প্ৰদান কৰি জ্যোতিষা শইকীয়াই কয় যে বৰ্তমান সময়ত মানৱ সভ্যতাৰ সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ তথা ব্যৱহাৰ হৈছে আৰু প্ৰতিদিনে ইয়াৰ ব্যৱহাৰ বৰ্দ্ধিত হাৰত বৃদ্ধি হৈছে। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰ তথ্য উদ্ধৃত কৰি বক্তাগৰাকীয়ে কয় যে আজি সাহিত্যৰ পৰা মনোৰঞ্জনলৈকে সৃষ্টিশীলতাৰ ক্ষেত্ৰসমূহতো কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল ব্যৱহাৰ হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ এনে বৰ্দ্ধিত জনপ্ৰিয়তাক লৈ বিভিন্ন মহলে  শংকা কৰাৰ কথাও তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। জ্যোতিষা শইকীয়াই তেওঁৰ ভাষণত কয় যে মানুহে সদায় যন্ত্ৰৰ শক্তিক নিজৰ আয়ত্ত আৰু নিয়ন্ত্ৰণলৈ আনি সভ্যতাৰ বিকাশ সাধন কৰি আহিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰতো এই সফলতাৰ যাত্ৰা অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰে। 
    আজিৰ সভাৰ সভাপতি জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাই নিজৰ ছাত্ৰ জীৱনৰ পৰা বৰ্তমানলৈকে গণমাধ্যমত হোৱা বিভিন্ন পৰিৱৰ্তন প্ৰত্যক্ষ কৰা অভিজ্ঞতা উল্লেখ কৰে । তথ্য- প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সমান্তৰালকৈ মানুহৰ স্মৃতি আৰু সৃষ্টিশীলতাৰ অনুশীলন প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 


      আজিৰ অনুষ্ঠানত দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত জোনতি ডেকা, নৱদ্বীপ চাংমাই, সহকাৰী আয়ুক্ত ইহছানুল হুছেইন, দৰং জিলাৰ বিভিন্ন সাংবাদিক সংগঠন আৰু অনুষ্ঠানৰ প্ৰতিনিধি তথা সাংবাদিকসকল উপস্থিত থাকে।