শিঙিমাৰিৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ছিৰাজুল হকৰ মৃত্যুত শোক
শিঙিমাৰিৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ছিৰাজুল হকৰ মৃত্যুত শোক
শোক বাৰ্তাঃ
শিঙিমাৰিৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ছিৰাজুল হকৰ মৃত্যুত শোক

দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিঙিমাৰি গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ছিৰাজুল হকৰ আজি পুৱতি নিশা ৩ বাজি ১৫ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত পৰিয়াল আৰু আত্মীয়ৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যু সকলোৰে বাবে অবধাৰিত যদিও কম সংখ্যক লোকৰ দৰে ছিৰাজুল হকৰ মৃত্যু আছিল অবিস্মৰণীয়। এটি মৃদূ হাঁহিৰে মৃত্যুৰ পিয়লা পিয়ে।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭১ বছৰ । অতি অমায়িক স্বভাৱৰ লগতে সহজ-সৰল, পৰোপকাৰী, ধৰ্মপ্ৰাণ ব্যক্তি ছিৰাজুল হকে শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি প্ৰথমে সানোৱা মধ্য ইংৰাজী মাদ্ৰাছাত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি কিছু বছৰ সেৱা আগবঢ়োৱাৰ পিছত পৰৱৰ্তী সময়ত মান্দাকাটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুদীৰ্ঘ দিন ধৰি সুখ্যাতিৰে শিক্ষকতা কৰি অৱসৰগ্ৰহন কৰে । ছাত্ৰ জীৱনৰ পৰাই ঘৰুৱা দায়িত্ব পালন কৰাৰ লগতে সমাজৰ উন্নতিৰ বাবে সেৱা আগবঢ়ায়। ছিৰাজুল হকে অধ্যয়ন কৰা আৰু পিছত শিক্ষকতাৰ সমান্তৰালকৈ ঢৌতে খৰ মাৰি তেখেতে শিঙিমাৰি হাফিজিয়া মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক সম্পাদক,শিঙিমাৰি আয়েছা ছিদ্দিকা বানাত মাদ্ৰাছাৰ সম্পাদক, শিঙিমাৰি জামে মছজিদৰ সভাপতি , মঙলদৈ দ্বীনি তালিম বোৰ্ডৰ সদস্য আদিৰ উপৰিও বহু অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোত ভাৱে জড়িত হৈ এগৰাকী সমাজহিতৈষী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। শিক্ষক হিচাবেও ছাত্ৰ -ছাত্ৰী সকলৰ মাজত অতিকৈ প্ৰিয়পাত্ৰ আছিল। ছিৰাজুল হকে পৰিয়াল আৰু পেছাগতভাৱে নিজৰ কৰ্মত নিয়োজিত হৈ থকাৰ উপৰিও মানুহৰ মাজত সুখৰ,দুখৰ সমভাগী হোৱাৰ লগতে সমাজৰ সকলো স্তৰৰ লোকৰ শৈক্ষিক, আধ্যাত্মিক উৎকৰ্ষনৰ হকে নিজকে নিয়োজিত হৈ সুখানুভূতি লাভ কৰিছিল। এনে এগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলি,দৰং -ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, শিঙিমাৰি হাফিজিয়া মাদ্ৰাছাৰ প্ৰাক্তন প্ৰধান শিক্ষক হাফিজ আলহাজ গিয়াচুদ্দিন আহমেদ, সাহিত্যিক -ইছলামিক পণ্ডিত মৌলানা ফজলুল কৰিম কাচিমী,তুৰাইৰ বিশিষ্ট সমাজকৰ্মী আবুল হুছেইন,শিঙিমাৰিৰ সাহিত্যক- অৱসৰপ্ৰাপ্ত শিক্ষক খাইৰুল ইছলাম, প্ৰাক্তন ছাত্ৰ নেতা তথা পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইন আদি ব্যক্তি বিশেষৰ উপৰিও শিঙিমাৰি হাফিজিয়া মাদ্ৰাছা,শিঙিমাৰি আয়েছা ছিদ্দিকা বানাত মাদ্ৰাছা, শিঙিমাৰি জামে মছজিদ, শিঙিমাৰি গাওঁ উন্নয়ন সমিতি, মঙলদৈ দ্বীনি তালিম বোৰ্ড,সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মান্দাকাটা উচ্চ মাধ্যমিক বিদ্যালয়,খান্দাজান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় ,দুমুনিচকী পোহৰ এন জি অ আদি অনুষ্ঠান -প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত পত্নী, চাৰিগৰাকী পুত্ৰ, তিনিগৰাকী বোৱাৰী,নাতি -নাতীনিকে আদি কৰি অসংখ্য আত্মীয় আৰু গুণমুগ্ধক এৰি থৈ যায়। কেইবাশতাধিক লোকৰ উপস্থিতিত তেখেতৰ জানাজা দিনৰ ২ বজাত সম্পন্ন হৈ যায়।