দিব্যাংগ  দিবস উদযাপন।

আন্তজাৰ্তিক দিব্যাংগ  দিবস উদযাপন।

দিব্যাংগ  দিবস উদযাপন।
দিব্যাংগ  দিবস উদযাপন।

ছিপাঝাৰ শিক্ষা খন্ডত আন্তজাৰ্তিক দিব্যাংগ  দিবস উদযাপন।

সমগ্ৰ শিক্ষা অভিযান ছিপাঝাৰ শিক্ষাখন্ডৰ উদ্যোগত আজি  লোক্ৰাই মন্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত পশ্চিম লোক্ৰাই মজলীয়া বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে আন্তজাৰ্তিক দিব্যাংগ  দিবস উদযাপন কৰা হয়।ৰাতিপুৱা  ৯ বজাত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভাৰম্ভনি  কৰা হয়। বন্তি প্ৰজ্বলন কৰে  উক্ত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰমেশ চন্দ্ৰ বৰদলৈয়ে।

ইয়াৰ পিছত  বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বৃক্ষৰোপন কৰে  শিক্ষয়িত্ৰী প্ৰতিভা হাজৰিকা আৰু অভিভাৱিকা ধনমনি দেৱীয়ে।১০ বজাত এক শোভাযাত্ৰা কৰা হয়। উদ্বোধন কৰে বিদ্যালয়ৰ জেষ্ঠ শিক্ষক জুৰণ চন্দ্ৰ শৰ্মাই। ১০.৩০ বজাৰ পৰা অনুষ্ঠানত বিশেষভাবে সক্ষম ছাত্ৰ ছাত্ৰীৰ মাজত মনোযোগী খেল,গীত,আবৃত্তি,চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দিনৰ ১২.৩০  বজাত  মুকলি সভা আৰু বটাবিতৰণী সভা অনুষ্ঠিত কৰা হয়।  পশ্চিম লোক্ৰাই মজলীয়া বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিবেশন কৰা  আৰম্ভনী গীতে শুভাৰম্ভনী  কৰা সভাখন পৰিচালনা কৰে ছিপাঝাৰ শিক্ষাখন্ডৰ লোক্ৰাই  মন্ডলৰ সমন্বয়ক মৃণাল শৰ্মাই। সভাত উদ্দেশ্য বাখ্যা কৰে অতিৰিক্ত সমল ব্যক্তি নাছিৰুদ্দিন আহমেদে। পশ্চিম লোক্ৰাই মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক  দেৱ কুমাৰ শৰ্মাই উদ্ধোধন কৰা সভাখনত  নিদিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়ায় ক্ৰমে দৰং জিলা সমগ্ৰ শিক্ষা সৰ্বাত্মক শিক্ষা বিভাগৰ জিলা আচনি বিষয়া ধনজিত ৰাজবংশী আৰু পকাদলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা এই বৰ্ষত সমগ্ৰ শিক্ষা বিভাগ দৰং জিলাৰ পৰা "প্ৰেৰণা বটাৰে "সন্মানিত হোৱা শিক্ষক শশধৰ শৰ্মাই।

ছিপাঝাৰ শিক্ষাখন্ডৰ প্ৰাথমিক শিক্ষা বিষয়া গীতা   দেৱীয়ে শুভেচ্ছামূলক বক্তব্য দিয়ে। সভাখনত বিশিষ্ট অতিথি হিচাবে বক্তব্য ৰাখে  বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নৱজ্যোতি ডেকা ,ঢেকীপাৰা আৰু ডুমুনীচকী মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ক্ৰমে প্ৰণৱ কুমাৰ ডেকা আৰু নাজিজুল হকে। ।সভাত বিদ্যালয়ৰ শিক্ষক সকল,লোক্ৰাই সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয় সমূহৰ শিক্ষক সকল, বিভিন্ন পঞ্চায়তৰ পৰা অহা অভিভাবক আৰু দিব্যাংগ শিশু সকল,  সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি অৰ্চনা ডেকা, লগতে অতিৰিক্তসমল ব্যক্তিসকল উপস্থিত থাকে।উল্লেখ্য যে  সপ্তাহ যোৰা এই দিবস উপলক্ষে স্বাস্থ্য পৰীক্ষা , অভিভাবকৰ মাজত সজাগতা সভা ,ছাত্র ছাত্ৰীৰ মাজত সজাগতা আদি সম্পন্ন কৰা হৈছে। আজিৰ সভাতেই বিভিন্ন প্ৰতিযোগিতাৰ  পুৰস্কাৰ সমূহ  বিতৰণ কৰা হয়।সভাত ছিপাঝাৰ শিক্ষাখন্ডৰ লোক্ৰাই  মন্ডলৰ সমন্বয়ক মৃণাল শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।