দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁও সমজিলাৰ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁও সমজিলাৰ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁও সমজিলাৰ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ
দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁও সমজিলাৰ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁও সমজিলাৰ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

_সমজিলা আয়ুক্তৰ কাৰ্যালয়ক সম্পূৰ্ণৰূপে দালালমুক্ত কৰি জনতাৰ সেৱক হিচাপে সেৱা আগবঢ়াবলৈ বিষয়া-কৰ্মচাৰীসকললৈ আহ্বান মন্ত্ৰী সিংহলৰ

*মঙলদৈ, ৫ অক্টোবৰঃ* প্রশাসনিক সংস্কাৰক এক নতুন গতি প্ৰদানেৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁও সমজিলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে দুয়োখন সমজিলাৰ কাৰ্যালয় দুটিৰো দ্বাৰ মুকলি কৰে।

 এই উপলক্ষে আয়োজিত দুখন পৃথক জনসভাত ৰাইজক সম্বোধন কৰি মন্ত্ৰী সিংহলে কয় যে শাসন ব্যৱস্থাক অধিক জনমুখী কৰাৰ লগতে সৰ্বসাধাৰণৰ বাবে চৰকাৰী সেৱাসমূহ অধিক সুলভ, সঁহাৰিজনক আৰু কাৰ্যক্ষম কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ এক অভিলাষী প্ৰয়াস হৈছে সমজিলা গঠন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ Reform-Perform-Transform (সংস্কাৰ-প্ৰদৰ্শন-পৰিৱৰ্তন) মন্ত্ৰক সাৰোগত কৰি এই নীতিৰ আধাৰত ৰাজ্য চৰকাৰে দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে সমজিলাৰ সৃষ্টি কৰি আজি অসমৰ শাসন ব্যৱস্থাত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰিলে বুলি তেওঁ মন্তব্য কৰে।  মন্ত্ৰীগৰাকীয়ে কয় যে জিলাৰ ভিতৰতে এক ক্ষুদ্র প্রশাসনিক গোট হিচাপে এই সমজিলাসমূহে নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্রদানৰ লগতে প্রশাসনিক দক্ষতা বৃদ্ধিৰ দিশত এক উৎকৃষ্ট সঁজুলি হিচাপে কাম কৰিব। এই প্রশাসনিক সংস্কাৰে কেৱল স্থানীয় শাসন ব্যৱস্থা উন্নত কৰাই নহয়, ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাটোকো শক্তিশালী কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

মন্ত্ৰী সিংহলে কয় যে দলীয় ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিটো অঞ্চলৰ সম বিকাশৰ জৰিয়তে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত স্থান লাভৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। তেওঁ কয় যে সমজিলা উদ্বোধনৰ এই অনুষ্ঠান প্ৰশাসনৰ এক নতুন পৰ্যায়ৰ আৰম্ভণি, য’ত অসমে কেৱল দেশৰ শ্ৰেষ্ঠসকলৰ পৰা শিকাই নহয়, আন ৰাজ্যসমূহেও অনুকৰণ কৰিব পৰা এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। প্ৰশাসনিক সেৱাসমূহ বিকেন্দ্ৰীকৰণ কৰি ৰাজ্য চৰকাৰে ৰাজহুৱা সেৱা প্ৰদান উন্নত কৰা, কল্যাণমূলক আঁচনিৰ ৰূপায়ণ ত্বৰান্বিত কৰা আৰু শাসন ব্যৱস্থাক নাগৰিকৰ পদুলিমুখলৈ নিয়াৰ লক্ষ্য স্থিৰ কৰিছে। এই সংস্কাৰৰ জৰিয়তে অসমে এক আধুনিক, দক্ষ আৰু জনকেন্দ্ৰিক শাসন ব্যৱস্থাৰ সূচনাৰে দেশক নেতৃত্ব দিবলৈ সাজু হৈছে বুলি তেওঁ মন্তব্য কৰে।

সমজিলা আয়ুক্তৰ কাৰ্যালয়ক সম্পূৰ্ণৰূপে দালালমুক্ত হিচাপে গঢ় দি জনতাৰ সেৱক হিচাপে ৰাইজলৈ সেৱা আগবঢ়াবলৈ তেওঁ সমজিলা আয়ুক্তসকল আৰু বিষয়া-কৰ্মচাৰীসকলৰ প্ৰতি আহ্বান জনায়।

সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে ভাষণত কয় যে ছিপাঝাৰ সমজিলা হোৱাৰ বাবে ৰাইজৰ উন্নয়ন ক্ষিপ্ৰতাৰে আগবাঢ়িব । তেওঁ দৰং জিলাত উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৰ ভূয়সী প্ৰশংসা কৰে।

  
আজিৰ এই দুই অনুষ্ঠানত দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি, ছিপাঝাৰ আৰু দলগাঁও সমজিলাৰ নৱনিযুক্ত সমজিলা আয়ুক্তদ্বয়ৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।