বাপুজী বালিকা বিদ্যালয়ত গুৱাহাটী বিজ্ঞান সংগ্ৰাহলয়ৰ বিজ্ঞান প্ৰদৰ্শনী 

ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান জনপ্ৰিয় কৰা আৰু বিজ্ঞান বিষয়ৰ প্ৰতি  আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ সৌজন্যত আজি পশ্চিম দৰঙৰ বিষ্ণুপুৰস্থ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়। বিভাগৰ ছায়েন্স কমিউনিকেটৰ নয়ন মণি মেধী কাৰিকৰী সহায়ক অমৰ বেজবৰুৱাৰ তত্বাৱধানত তৰল পদাৰ্থৰ পি এইচ ,সংৰক্ষণৰ ৰসায়ন, মহাকাশ কাৰ্যক্ৰমৰ ৰসায়ন,মানৱ শৰীৰত ৰসায়ন, সংকৰ ধাতু, পানী সংৰক্ষণ, মানৱীয় আৱেগত বিজ্ঞান, খাদ্য সুৰক্ষা আদি কেইবাটাও মডেল ছাত্ৰ ছাত্ৰী সকলক প্ৰদৰ্শন কৰে।‌

ইয়াৰ লগতে বিজ্ঞান ভিত্তিক যাদু প্ৰদৰ্শন কৰি ছাত্ৰী সকলক আমোদ দিয়ে। প্ৰদৰ্শনীৰ মাজত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভাগৰ প্ৰচাৰ পুস্তিকা বিতৰণ কৰে। বহুক্ষেত্ৰত এচাম ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীলৈ গৈ বিজ্ঞান সংগ্ৰাহলয় প্ৰত্যক্ষ কৰিব নোৱাৰে । এনে ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীয়ে সেই চাম ছাত্ৰ ছাত্ৰীক উপকৃত কৰে বুলি বিদ্যালয়ৰ ৰাজ্যিক কৃতী বিজ্ঞান শিক্ষক তথা এই প্ৰদৰ্শনীখনৰ সমন্বয়ক হিৰণ্য কুমাৰ নাথে জানিবলৈ দিয়ে। উল্লেখ্য যে মঙলদৈ মহাবিদ্যালয়ত ২৭--৩০ মাৰ্চত আয়োজিত জ্ঞান বিজ্ঞান সমিতি অসমৰ ২১ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ বাবে আমন্ত্ৰিত এই ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী বিদ্যালয় সমূহৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আজি বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰদৰ্শন হৈ গ'ল। কাইলৈৰ বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰত আৰু পৰবৰ্তী দিবোৰতো কেইবাখনো বিদ্যালয়ৰ আহ্বান মৰ্মে বিদ্যালয়ে বিদ্যালয়ে এই প্ৰদৰ্শনী ৰঙালী বিহুৰ আগলৈ ধাৰাবাহিক ভাবে প্ৰদৰ্শিত হ'ব।