ছিপাঝাৰত গুণোৎসৱৰ ন'ডেল শিক্ষকৰ প্ৰশিক্ষণ সম্পন্ন

ছিপাঝাৰত গুণোৎসৱৰ ন'ডেল শিক্ষকৰ প্ৰশিক্ষণ সম্পন্ন

ছিপাঝাৰত গুণোৎসৱৰ ন'ডেল শিক্ষকৰ প্ৰশিক্ষণ সম্পন্ন
ছিপাঝাৰত গুণোৎসৱৰ ন'ডেল শিক্ষকৰ প্ৰশিক্ষণ সম্পন্ন

ছিপাঝাৰত গুণোৎসৱৰ ন'ডেল শিক্ষকৰ প্ৰশিক্ষণ সম্পন্ন আগন্তুক গুণোৎসৱৰ বাবে বিদ্যালয়সমূহত চলিছে সুন্দৰ প্ৰস্তুতি

সংবাদ ডিজিটেল, ছিপাঝাৰ ১ ফেব্ৰুৱাৰী :  সমগ্ৰ শিক্ষা দৰং জিলাৰ ছিপাঝাৰ শিক্ষাখণ্ডৰ উদ্যোগত আগন্তুক গুণোৎসৱৰ বাবে শিক্ষাখণ্ডৰ অন্তৰ্গত মুঠ ৪৩ টা মণ্ডল সমল কেন্দ্ৰ অধীনস্থ মুঠ ৩৫৩ খন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মজলীয়া, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একোগৰাকীকৈ ন'ডেল শিক্ষকৰ এদিনীয়া প্ৰশিক্ষণ আজি  বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়।

এই ন'ডেল শিক্ষকৰ প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যি ব্যক্তব্য ৰাখে ক্ৰমে ছিপাঝাৰ শিক্ষা খন্ডৰ প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱী, সমগ্ৰ শিক্ষা দৰং জিলাৰ জিলা আচনি বিষয়া তথা গুণোৎসৱৰ ছিপাঝাৰ শিক্ষা খন্ডৰ দায়িত্বত থকা বিষয়া চিত্তৰঞ্জন কলিতা আৰু ছিপাঝাৰ শিক্ষা খন্ডৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক লক্ষ্যধৰ শৰ্মাই।মুঠ ৮ টা কোঠাত  ৯ গৰাকী সমল ব্যক্তিয়ে এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁলোক হ'ল ঢেকীপাৰা আৰু ঘোৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকা,প্ৰাক্তন সমন্বয়ক ধকমান শ্ৰেষ্ঠ,  খণ্ড সমল ব্যক্তি গীতাৰাণী দেৱী, হাজৰিকাপাৰা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ নাথ, ডুমুনীচকী মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নাজিজুল হক, ব্যাসপাৰা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জ্যোতিৰ্ময় নাথ,তুৰাই মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জেহেৰুল হক , দিপিলা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মহেশ বৰুৱা আৰু লোক্ৰাই মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মৃণাল শৰ্মাই ।

ইয়াৰোপৰি এই প্ৰশিক্ষণত ছিপাঝাৰ শিক্ষা খন্ডৰ এম আই এছ দিগন্ত মুদৈ,খন্ড সমল ব্যক্তি দিপক কলিতা ,খন্ড গাণণিক দীপক ডেকা,খন্ড সমল ব্যক্তি পিংকি তালুকদাৰ ,খন্ড গাণণিক মৃদুপবণ শইকীয়া উপস্থিত থাকে। উল্লেখ্য যে অহা ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখৰ পৰা ৮ তাৰিখলৈ এই গুণোৎসৱ অনুষ্ঠিত হব।