প্ৰতিষ্ঠা দিৱস উদযাপন

দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনঃ

প্ৰতিষ্ঠা দিৱস উদযাপন
প্ৰতিষ্ঠা দিৱস উদযাপন

দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনঃ

সংবাদ ডিজিটেল, দুনী ১ ফেব্ৰুৱাৰী: দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত শিক্ষক কৰ্মচাৰী গোট আৰু ছাত্ৰ একতা সভাৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে ১৯৪৮ চনত স্থাপিত হোৱা অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

ৰাতিপুৱা ৯ বজাত বন্তিপ্ৰজ্বলনৰে আৰম্ভহোৱা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি বিনন্দ কুমাৰ শইকীয়াই।প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক বিষ্ণুৰায় শৰ্মাই আঁতধৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত দুনী গাঁও পঞ্চায়তৰ সভাপতি শৈলেন্দ্ৰ নাথ ডেকা,গৌৰৱজ্বোল বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ক্ৰমে বীৰেন কাকতি, উপেন শইকীয়া,তনুৰাম ডেকা,ভুষণ চন্দ্ৰ চহৰীয়া,বিনন্দ চন্দ্ৰ ডেকা,কনক চন্দ্ৰ কাকতি,কমলেশ্বৰ বৰুৱা,পৰেশ চহৰীয়া,বীৰেণ কলিতা,কুমুদ ডেকা,পংকজ শৰ্মা,ৰামেশ্বৰ কলিতা,কৰুণা ভট্ট,হেমলতা হাজৰীকাসহ ভালেমান বিশিষ্টব্যক্তিয়ে অংশগ্ৰহণ কৰে।

জ্যোষ্ঠ,কণিষ্ঠ,শিক্ষক  অভিভাৱকৰে পৰিপূৰ্ণ গীতেমাতে জীপাল হৈ পৰা অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ নামত এটি ওৱেব চাইট মুকলি কৰে প্ৰাক্তন ছাত্ৰতসন্মিলনৰ সভাপতি বিনন্দ কুমাৰ শইকীয়াই।

দিপীলাৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট।