দৰঙৰ খাৰুপেটীয়াত মৰ্মান্তিক ঘটনা একে পৰিয়ালৰ দুজনৰ মৃত্যু
দৰঙৰ খাৰুপেটীয়াত মৰ্মান্তিক ঘটনা একে পৰিয়ালৰ দুজনৰ মৃত্যু
দৰঙৰ খাৰুপেটীয়াত মৰ্মান্তিক ঘটনা
একে পৰিয়ালৰ দুজনৰ মৃত্যু
অৰুণাচলৰ সমীপতে নিজৰেই পোহনীয়া হাতীৰ আক্ৰমণত কণিষ্ঠ ভাতৃ ছাদ্দামৰ মৃত্যুৰ খবৰ পাই জেষ্ঠ ভাতৃ ওছমান আলীৰ আকস্মিক মৃত্যু
অৰুণাচল পাহাৰত থকা নিজৰেই হাতীৰ আক্ৰমণৰ বলি হল চাৰি ভাতৃ
হাতীৰ আক্ৰমণত থিতাতেই নিহত হয় ভাতৃ ছাদ্দাম হুছেইন
আহত হয় আন তিনিজন ভাতৃ মকবুল হুছেইন, আবু বক্কৰ ছিদ্দিক, আৰু আবুল বাছাৰ
কালি অৰুণাচল পাহাৰত সংঘটিত হৈছিল এই শোকাৱহ তথা মৰ্মান্তিক ঘটনা
চাৰি ভাতৃয়ে একলগে অৰুণাচললৈ গৈছিল নিজৰেই অসুস্থ তথা মাতাল হাতীৰ চিকিৎসাৰ বাবে
আজি পুৱা ভাগত ছাদ্দামৰ মৃতদেহ খাৰুপেটীয়াস্হিত নিজ নগাজান গাৱত উপস্থিত হোৱাৰ পিছত এক শোকাকুল পৰিবেশৰ জানাজা সম্পন্ন কৰে
আনহাতে কণিষ্ঠ ভাতৃৰ মৃত্যুৰ খবৰ পাই আকস্মিকভাবে মৃত্যুক আঁকোৱালি লোৱা জেষ্ঠ ভাতৃ ওচমান আলীৰ জানাজা শোকাকুল পৰিবেশৰ মাজত কালিয়েই সম্পন্ন কৰিছে পৰিয়ালে
# এই শোকাৱহ ঘটনাত শোকস্তব্ধ হৈ পৰিছে খাৰুপেটীয়া অঞ্চল