দলৰমূৰ জামে মছজিদৰ নতুন আন্তঃগাথঁনিৰ লাইখুটা স্থাপন কৰিলে হিন্দু -মুছলমানে একেলগে ।

দলৰমূৰ জামে মছজিদৰ নতুন আন্তঃগাথঁনিৰ লাইখুটা স্থাপন কৰিলে হিন্দু -মুছলমানে একেলগে ।

দলৰমূৰ জামে মছজিদৰ নতুন আন্তঃগাথঁনিৰ লাইখুটা স্থাপন কৰিলে হিন্দু -মুছলমানে একেলগে ।
দলৰমূৰ জামে মছজিদৰ নতুন আন্তঃগাথঁনিৰ লাইখুটা স্থাপন কৰিলে হিন্দু -মুছলমানে একেলগে ।

দৰঙৰ সামাজিক সংহতিত নতুন যুগৰ সূচনা 

দলৰমূৰ জামে মছজিদৰ নতুন আন্তঃগাথঁনিৰ লাইখুটা স্থাপন কৰিলে হিন্দু -মুছলমানে একেলগে ।

দৰঙৰ ঐক্য -সম্প্ৰীতি-সংহতিৰ এনাজৰীডাল সদায়ে কটকটীয়া হৈ আহিছে। তাহানি বৃটিছৰ আমোলৰ শাসন শোষণ আৰু অধিক কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ১৮৯৪ চনত ২৮ জানুৱাৰীত ভূমিপুত্ৰ সাতকুৰি হিন্দু মুছলমানে  পথৰুঘাটত ইংৰাজৰ চিপাহীৰ গুলি বুকু পাতি ছহিদ হোৱাই নহয় নিৰ্দয় শাসক গোষ্ঠীৰ বৰ্বৰতাৰ পৰিণতিত একেটা গাততে সমাধিস্থ হৈছিল সেই মহান ছহিদসকল। সেয়া আছিল দৰঙীয়া হিন্দু মুছলমানৰ ভাতৃত্ববান্ধোনৰ ঐতিহাসিক দৃষ্টান্ত। আজি যেন তাৰেই প্ৰতিচ্ছবি দেখা গ'ল ঔতলা অঞ্চলৰ বেছিমাৰী, কপিলী সত্ৰ আৰু নেওঁগ পাৰাৰ মধ্য স্থলত  ১৯৪৫ চনতে স্থাপিত দলৰমূৰ জামে মছজিদৰ নতুন আন্তঃগাথঁনিৰ লাইখুঁটাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত। বৃহত্তৰ অঞ্চলটোৰ হিন্দু- মুছলমান ৰাইজে  মিলি ৮০ বছৰীয়া মছজিদটোৰ নতুন আন্তঃগাথঁনিৰ  লাইখুঁটা স্থাপন কৰি দৰঙৰ সাম্প্ৰদায়িক ঐক্য সংহতিত সূচনা কৰিলে নতুন অধ্যায়ৰ।


দৰং জিলাৰ সদৰ মঙলদৈৰ পৰা প্ৰায় ১৪  কিলোমিটাৰ নিলগৰ বেছিমাৰী, কপিলীসত্ৰ, নেওগপাৰা গাঁৱৰ মধ্যস্থলত   ১৯৪৫ চনতে স্থাপিত দলৰমূৰ জামে মছজিদটো স্থানীয় প্ৰয়োজনৰ ভিত্তিত অঞ্চলটোৰ ৰাইজে মিলি নতুনকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈ ইতিমধ্যে যোৱা ৮ আগষ্টত পুৰণি মছজিদ গৃহটিৰ 
 ছহিদীকৰণ সুকলমে সম্পন্ন হৈ যোৱাৰ পিছত ১০ নবেম্বৰত অঞ্চলটোৰ ৰাইজে নতুন আন্তঃগাথঁনিৰ লাইখুঁটাৰ আধাৰশিলা স্থাপন কৰিলে । নিৰ্মাণ সমিতিৰ কাৰ্যকৰী সভাপতি চাহাবুদ্দিন আহমেদে আঁত  ধৰা আৰু বিশিষ্ট ধৰ্মীয় নেতা  মুফটি আলিউদ্দিন মিছবহিয়ে মুখ্য  বক্তৃতা প্ৰদান কৰা এই অনুষ্ঠানৰ লাইখুঁটা স্থাপনত অংশগ্ৰহণ কৰিলে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধনী ডেকা, ভেৰগাঁও মহকুমা আৰক্ষী অধীক্ষক দুৰ্গা কিংকৰ শৰ্মা, ঔতলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আমৰেন্দ্ৰ ডেকা, ঝাকুৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনন্ত বড়ো,ঔতলা প্ৰাথমিক  বিদ্যালয়ৰ সহকাৰী শিক্ষক ইন্দ্ৰ কান্ত ডেকা,পদ্মেশ্বৰ নাথ, সোমেশ্বৰ নাথ,দিলীপ বণিয়া,বিনয় শৰ্মা, বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন, বিশিষ্ট ব্যৱসায়ী আলহাজ চিৰাজুল হক,অভিযন্তা চাজাহান আলি,অনাতাঁৰ শিল্পী ইনামূল হকৰ উপৰিও মছজিদ পৰিচালনা সমিতিৰ সভাপতি গনিৰুদ্দিন  আহমেদ, কাৰ্যকৰী সভাপতি  মতিউৰ ৰহমান ,সাধাৰণ সম্পাদক বাহাৰুল ইছলাম মছজিদ নিৰ্মাণ সমিতিৰ সভাপতি গহনচা শেখ, সাধাৰণ সম্পাদক মতিউৰ ৰহমান , লতিফুদ্দিন আহমেদ, প্ৰাক্তন ছাত্ৰ নেতা নিৰঞ্জন শইকীয়া, কলাইগাঁও শিক্ষা খণ্ডৰ গাণনিক বিষয়া পাৰ্থজিত কুমাৰ, সমাজকৰ্মী লতিফুদ্দিন আহমেদ,জগদীশ ডেকা, নলিনী চহৰীয়া,ইমৰান হুছেইন, প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তিয়ে।

অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত সদাশয় শুভাকাংক্ষী ৰাইজ উপস্থিত থাকি,দিহা - পৰামৰ্শ, আৰু সক্ৰিয় সহায় সহযোগিতাৰে অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সদৌটিকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে   মছজিদ পৰিচালনা সমিতি  আৰু নিৰ্মাণ সমিতিৰ  হৈ কাৰ্যকৰী সভাপতি চাহাবুদ্দিন আহমেদে।