দৰঙৰ অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা সভা
দৰঙৰ অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা সভা
দৰঙৰ অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা সভা
মঙলদৈ, ১৪ নৱেম্বৰ: দৰং জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি মঙলদৈত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন পৰ্যালোচনা সভাত বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এই পৰ্যালোচনা সভাত দৰং -ওদালগুৰিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে অংশগ্ৰহণ কৰে।
উক্ত সভাত অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক তথা সকলো বিভাগৰ মুৰব্বীক শৃংখলাবদ্ধ আৰু অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি জিলাখনক আগুৱাই নিবৰ বাবে আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে জলজীৱন আঁচনি, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিভিন্ন কাম কাজ , স্বাস্থ্য, কৃষি, ৰাজহ সংগ্ৰহৰ লগত জড়িত সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়ে পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে দৰঙৰ ঐতিহ্য আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আজিৰ পৰ্যালোচনা সভাত জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস , জিলা উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱা, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।