স্মৃতি পত্ৰিকা''ককা ছাৰ' 'উন্মোচন

স্মৃতি পত্ৰিকা''ককা ছাৰ' 'উন্মোচন

স্মৃতি পত্ৰিকা''ককা ছাৰ' 'উন্মোচন
স্মৃতি পত্ৰিকা''ককা ছাৰ' 'উন্মোচন

প্ৰয়াত দেবেন্দ্ৰ চন্দ্ৰ নাথদেৱৰ স্মৃতিচাৰণ আৰু স্মৃতি পত্ৰিকা উন্মোচনী সভা।

ছিপাঝাৰৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত প্ৰয়াত দেবেন্দ্ৰ চন্দ্ৰ নাথদেৱৰ স্মৃতিচাৰণ আৰু স্মৃতি পত্ৰিকা উন্মোচনী সভা বুধবাৰে অনুষ্ঠিত হৈ যায়। নিজা বাসগৃহ স'লপাম গাঁৱত অনুষ্ঠিত এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত শ্ৰীলাৱণ্য মহন্তৰ বৰগীতৰে আৰম্ভ হয় অনুষ্ঠানটো। সভাৰ উদ্দেশ্য বাখ্যা আৰু সম্পাদকীয় এষাৰ অসম চৰকাৰৰ ভাষা গৌৰৱ বটাঁ প্ৰাপ্ত যুৱ সাহিত্যিক ৰণদ্বীপ চহৰীয়াই।

চা-চিনাকী পৰ্বৰ লগতে পৰিয়ালবৰ্গৰ চিনাকী পৰ্ব অনুষ্ঠানৰ  পিছতে জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ সচিব দিবাকৰ বৰুৱাই পৰিয়ালবৰ্গলৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰে। প্ৰায় শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটোত সভাপতিত্ব কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক পেন্সনাৰ শশীধৰ নাথে।

উক্ত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে প্ৰাক্তন বিধায়ক,ছিপাঝাৰ বিধান সভা সমষ্টি বিনন্দ কুমাৰ শইকীয়া,বিশিষ্ট সাহিত্যিক এম হাফিজ আলী,ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক জয়চন্দ্ৰ নাথ, আৰু পৰিয়ালৰ মুৰব্বী ডাঃ প্ৰেমেশ্বৰ নাথ। স্মৃতি পত্ৰিকা''ককা ছাৰ' 'উন্মোচন কৰে প্ৰসন্ন কুমাৰ নাথ, অধ্যাপক ছিপাঝাৰ মহাবিদ্যালয়।

পৰিয়ালবৰ্গৰ তৰফৰ পৰা বক্তব্য প্ৰদান কৰে ডাঃ পৰেশ চৌধুৰীয়ে। অনুষ্ঠানটোত ৰাইজৰ ফালৰ পৰা বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে। সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই বৰপুত্ৰ ধীৰেণ কুমাৰ নাথে।