কৃষি আৰু মীন পালনৰ সজাগতা সভা।
কৃষি আৰু মীন পালনৰ সজাগতা সভা।
পূৱ কামৰূপ প্রগতিশীল এগ্রো ফাৰ্মাৰ প্রডিউচাৰ কোম্পানীৰ উদ্যোগত কৃষি আৰু মীন পালনৰ লগত জড়িত কৃষক সকলৰ উপস্থিতিত সজাগতা সভা।
দুমুনিচকী ৫ নৱেম্বৰ: কামৰূপ জিলাৰ দুমুনিচকী বাথনত পৰেশ চন্দ্ৰ বৈশ্যৰ নেতৃত্বত পূৱ কামৰূপ প্রগতিশীল এগ্রো ফাৰ্মাৰ প্রডিউচাৰ কোম্পানীৰ উদ্যোগত কৃষি আৰু মীন পালনৰ লগত জড়িত কৃষক সকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।
উক্ত সজাগতা সভাত কৃষক সকলৰ কৃষি ফচল বীমা যোজনাৰ ওপৰত বিষদ ভাবে আলোচনা কৰা হয়। কৃষক সকলে চৰকাৰী আঁচনিৰ অধীনত কেনেদৰে লাভাবান হব তাৰ ওপৰত এক আলোকপাত কৰা হয়। কৃষি ঋণ কেনেদৰে লব লাগে দৰিদ্ৰ কৃষক সকলে নাজানে যাৰ কাৰণে উপযুক্ত কৃষকে ঋণৰ পৰা বঞ্চিত হয়। উক্ত সজাগতা সভাখনত ঋণ সম্পৰ্কে বিষদ ভাবে আলোচনা কৰা হয়।।
চৰকাৰী কল্যনমুলক আঁচনিৰ সুফল, আঁচনিৰ আবেদনৰ প্ৰক্ৰিয়া এই সকলো কথা সভাখনত আলোচনা কৰা হয়, এই সজাগতা সভাখনত দুৰ্লভ দাস মহকুমা কৃষি বিষয়া, কুমুদ চৌধাৰী কৃষি উন্নয়ন বিষয়া , প্ৰীয়াম্বি শইকীয়া কৃষি উন্নয়ন বিষয়া, বাবুল চন্দ্ৰ নাথ কৃষি সম্প্ৰসাৰণৰ বিষয়া, মুকুট আলী কৃষি সম্প্ৰসাৰণৰ বিষয়া,
আনহাতে মীন বিভাগৰ পৰা ডo সঞ্জয় শৰ্মা, জিলা মীন উন্নয়ন বিষয়া, অসীম বৰা ৰাষ্ট্ৰীয় মীন উন্নয়ন ব'ৰ্ড, জ্যোতিষ চন্দ্ৰ দাস মীন উন্নয়ন বিষয়া, Bihdia Jajikona devt. Block, মনীশা বৰুৱা মীন উন্নয়ন বিষয়া Bezera devt.block, প্ৰিতিশা হাজৰিকা মীন উন্নয়ন বিষয়া, Bako devt.Block,, নয়নমনি ডেকা ক্ষেত্ৰ সহায়ক Bihdia Jajikona devt.Block, বাবুলাল আলী ক্ষেত্ৰ সহায়ক Bihdia Jajikona devt Block, কমল জ্যোতি ডেকা ক্ষেত্ৰ সহায়ক Rampur Devt Block আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি কৃষক সকলৰ লগত মত বিনিময় কৰাৰ লগতে কৃষক সকলৰ সমস্যা সমূহ সমাধান কৰাৰ পৰামৰ্শ আগবঢ়াই।