দৰং কেঞ্চাৰ কেন্দ্ৰত ওডালগুৰি আৰু দৰং জিলাৰ মহিলা আৰক্ষীৰ সকলৰ মাজত কেঞ্চাৰ সজাগতা সভা
দৰং কেঞ্চাৰ কেন্দ্ৰত ওডালগুৰি আৰু দৰং জিলাৰ মহিলা আৰক্ষীৰ সকলৰ মাজত কেঞ্চাৰ সজাগতা সভা
দৰং কেঞ্চাৰ কেন্দ্ৰত ওডালগুৰি আৰু দৰং জিলাৰ মহিলা আৰক্ষীৰ সকলৰ মাজত কেঞ্চাৰ সজাগতা সভা
আজি দৰং জিলাৰ মঙলদৈস্থিত দৰং কেঞ্চাৰ কেন্দ্ৰত ওডালগুৰি জিলাৰ মহিলা আৰক্ষী আৰু দৰং জিলাৰ মহিলা আৰক্ষী সকলৰ মাজত কেঞ্চাৰ সজাগতা সভা,প্ৰাথমিক চিকিৎসা পৰীক্ষা,স্ক্ৰীনিং পৰীক্ষা কৰা হয়।
দৰং আৰু ওডালগুৰি জিলাৰ ৫০ গৰাকী মহিলা আৰক্ষী উপস্থিত থকা কেঞ্চাৰ সজাগতা সভাত দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই আঁত ধৰা কাৰ্যসূচীত দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ চিকিৎসা সেৱা সমূহৰ লগতে কেঞ্চাৰ ৰোগৰ সাৱধানতা ওপৰত সবিশেষ আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে,মুখৰ কেঞ্চাৰ আৰু স্তন কেঞ্চাৰ লগতে সকলো কেঞ্চাৰ ৰোগৰ ওপৰত সবিশেষ আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ ছাহিদুল ইছলামে।
সজাগতা সভাত উপস্থিত থাকে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ ৰুবিনা ইয়াছমিন,দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী গৌতম সন্দিকৈ,দীপমনি শৰ্মা,চবনম নাৰ্গিছ হুছেইনৰ লগতে ওডালগুৰি জিলাৰ আৰক্ষী বিভাগৰ পৰা অহা জোৎস্না জৈনৰ লগতে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী সকল। দৰং কেঞ্চাৰ কেন্দ্ৰৰ নাৰ্চ জেচমিনআৰা বেগম আৰু নয়না শৰ্মাই মহিলা আৰক্ষী সকলক স্ক্ৰীনিং কৰাই ।