দৰঙত শিশু অধিকাৰ সুৰক্ষা সজাগতা সভা

দৰঙত শিশু অধিকাৰ সুৰক্ষা বিষয়ক সজাগতা সভা

দৰঙত শিশু অধিকাৰ সুৰক্ষা সজাগতা সভা
দৰঙত শিশু অধিকাৰ সুৰক্ষা সজাগতা সভা

দৰঙত শিশু অধিকাৰ সুৰক্ষা বিষয়ক সজাগতা সভা

*জিলা আয়ুক্তলৈ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিশেষ স্বীকৃতি*

মঙলদৈ, ২৪ জুলাইঃ আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত শিশু সৰবৰাহ সজাগতা বিষয়ক এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।এই সভাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শইকীয়া উপস্থিত আছিল। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু দৰঙ জিলা প্ৰশাসনৰ সহযোগত আজিৰ এই সজাগতা সভাৰ আয়োজন কৰা হৈছিল।

আজিৰ সভাত আয়োগৰ অধ্যক্ষ ড০ শইকীয়াই দৰঙ জিলাত শিশু অধিকাৰৰ সুৰক্ষা আৰু শিশুৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে গ্ৰহণ কৰা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে ল’ৰা-ছোৱালীৰ মাজত নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ প্ৰতিৰোধ আৰু এইবোৰৰ অবৈধ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে দৰঙ জিলাই ইতিমধ্যে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছে। জিলা আয়ুক্তগৰাকীৰ সবল নেতৃত্বৰ বাবেই এইয়া সম্ভৱ হৈছে বুলি তেওঁ মন্তব্য কৰে।তেওঁ লগতে কয় যে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগেও এইবাৰৰ পৰা শিশুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱাসকলক সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ কৰিছে। আয়োগে এনে প্ৰথমগৰাকী সন্মানপ্ৰাপকৰূপে দৰঙৰ জিলা আয়ুক্তগৰাকীক নিৰ্বাচিত কৰিছে বুলি ঘোষণা কৰি ড০ শ্যামল শইকীয়াই দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ হাতত আজিৰ অনুষ্ঠানতে প্ৰশস্তি পত্ৰ তুলি দিয়ে। 

 সভাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষগৰাকীয়ে শিশুৰ সৰবৰাহ, এনে সৰবৰাহৰ ফলত শিশুৰ দুৰ্ভোগ, সৰবৰাহকাৰীৰ বিৰুদ্ধে থকা আইনী ব্যৱস্থা, এইক্ষেত্ৰত আৰক্ষী, শ্ৰম, সমাজ কল্যাণ আদি বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আদিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। শিশু সৰবৰাহৰ দৰে অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, অভিভাৱক আৰু সচেতন ৰাইজৰ ভূমিকা সম্পৰ্কেও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। ‘অবৈধ সৰবৰাহ (প্ৰতিৰোধ) আইন, ১৯৫৬’ ( আই টি পি এ) আৰু ‘যৌন নিৰ্যাতনৰ পৰা শিশুৰ সুৰক্ষা আইন’ ( পি অ’ চি এছ অ’) আদি শিশু সুৰক্ষা বিষয়ক আইনৰ বিষয়েও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। আয়োগৰ অধ্যক্ষগৰাকীয়ে তেওঁৰ ভাষণত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত বাল্য বিবাহ বিৰোধী অভিযানে বিশেষ সফলতা লাভ কৰিছে। এইক্ষেত্ৰত সংশ্লিষ্ট সকলোৱে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি ২০২৬ চনৰ ভিতৰত অসমক শিশু শ্ৰমিক আৰু বাল্য বিবাহ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন সাকাৰ কৰিব লাগিব বুলি তেওঁ লগতে কয়। 

আজিৰ সভাত ভাষণ প্ৰদান কৰি মঙলদৈৰ বিধায়ক বসন্ত দাসে কয় যে শিশু বিৰোধী সকলো অপৰাধ প্ৰতিৰোধ কৰিবৰ বাবে সমাজৰ সকলো স্তৰতে সজাগতা বৃদ্ধি কৰিব লাগিব। ইয়াৰ সৈতে শিক্ষানুষ্ঠান, অভিভাৱক, স্বেচ্ছাসেৱী সংগঠন, সংবাদ মাধ্যম আদি সকলোকে জড়িত কৰাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰে। 

সভাত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে জিলাখনত কমবয়সীয়া ল’ৰা-ছোৱালীক নিচাযুক্ত ঔষধৰ ব্যৱহাৰৰ পৰা মুক্ত কৰা, বাল্যবিবাহ ৰোধ কৰা, শিশু শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰা, শিশুৰ স্বাস্থ্যৰ যতন আদিৰ ক্ষেত্ৰত দৰঙ জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা আৰু এইক্ষেত্ৰত লাভ কৰা সফলতাৰ বিষয়ে অৱগত কৰে। দৰঙ জিলাত নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ কথাও তেওঁ নিজৰ বক্তব্যত উল্লেখ কৰে ।

আজিৰ অনুষ্ঠানত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে শিশু সুৰক্ষাৰ বাবে সজাগতাৰ লগতে এইক্ষেত্ৰত শিক্ষক, অভিভাৱক , স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকাৰ কথা উল্লেখ কৰে। 

আজিৰ সভাত জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ ড০ বুধিন হাজৰিকা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: ৰমেশ চন্দ্ৰ ভট্টাচার্য, জিলা সমাজ কল্যাণ বিষয়া কোষেশ্বৰ বৰা, জিলা শ্ৰম বিষয়া প্ৰসেনজিত তালুকদাৰ, বিশেষ দত্তক গ্ৰহণকেন্দ্ৰ, দৰঙৰ মুখ্য কাৰ্যবাহী ময়ুখ গোস্বামী আদিয়েও বক্তব্য আগবঢ়ায়। জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই শলাগৰ শৰাই আগবঢ়ায়।