ছিপাঝাৰৰ মাৰুৱাচকী হাইস্কুলত মেট্ৰিক পৰীক্ষাৰ্থীৰে মত বিনিময় অনুষ্ঠান

ছিপাঝাৰৰ মাৰুৱাচকী হাইস্কুলত মেট্ৰিক পৰীক্ষাৰ্থীৰে মত বিনিময় অনুষ্ঠান
ছিপাঝাৰৰ মাৰুৱাচকী হাইস্কুলত মেট্ৰিক পৰীক্ষাৰ্থীৰে মত বিনিময় অনুষ্ঠান

ছিপাঝাৰৰ মাৰুৱাচকী হাইস্কুলত মেট্ৰিক পৰীক্ষাৰ্থীৰে মত বিনিময় অনুষ্ঠান

দৃঢ় সংকল্প আৰু পৰিশ্ৰমেহে সফলতা দুৱাৰ মুকলি কৰে : পৰেশ বৈশ্য

দুমুনিচকী, ১৭ অক্টোবৰ: কেৱল সপোন দেখিলেই সফলতা নাহে। দৃঢ় সংকল্প আৰু পৰিশ্ৰমেহে সফলতাৰ দুৱাৰ মুকলি কৰে। জীৱনক সফল কৰি তুলিবলৈ  কেৱল অকল  সফল ব্যক্তিৰ সফলতাৰ বাট  অনুকৰণ কৰিলেই নহয়, ব্যৰ্থসকলৰ ব্যৰ্থতাৰ কাৰণো বিচাৰ কৰি নিজৰ লক্ষ্যত উপনীত হোৱা উচিত । আজি ছিপাঝাৰ শিক্ষা খন্ডৰ দুমনীচকী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু শিক্ষাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পোহৰ বিদ্যালয়ৰ সহযোগত দুমনীচকীৰ মাৰুৱাচকী হাইস্কুলৰ  মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ  হ'বলৈ ওলোৱা শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰি বিশিষ্ট শিক্ষাবিদ তথা পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পৰিচালন ন্যাসৰক্ষী পৰেশ বৈশ্যই এইদৰে কয়। তেওঁ আৰু কয় যে যিসকলে প্ৰতিটো আজি নিজৰ দিন বুলি লৈ সংকল্পক বাস্তৱিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখে, তেওঁলোকে সফলতাৰ মুখ দেখে।  তেওঁ কয় যে কেৱল মাৰ্কছিট এখনেৰে আজিৰ প্ৰতিযোগিতাৰ পৃথিৱীত বৰ্তি থকা টান। নম্বৰ অনুপাতে নিজৰ দক্ষতাও বৃদ্ধি কৰিব পাৰিব লাগিব। সমাজৰ কামত অহা মানুহ হ'ব নোৱাৰিলে, আহৰণ কৰা শিক্ষাৰ মূল্য নাথাকে। তেওঁ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি নতুন সংযোজন ঘটাব খোজা হৈছে, সেই বিষয়ে শিক্ষাৰ্থীসকলক সবিস্তাৰে বুজাই দিয়ে। বিশেষকৈ বহু বিকল্পধৰ্মী প্ৰশ্নৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ সুবিবেচিত চিন্তা আৰু বোধ শক্তিৰ বিকাশ ঘটোৱাৰ বাবে ল'ব খোজা ব্যৱস্থাৱলী বিষয়ে উদাহৰণসহ  আলোচনা কৰে। তেওঁ শিক্ষাৰ্থীসকলক শিকা কথা বুজি শিকিবলৈ আৰু নিয়মীয়াকৈ অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলে শিক্ষাবিদগৰাকীয়ে দিয়া  শৈক্ষিক পৰামৰ্শৱলীৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি মন্তব্য কৰে। অনুষ্ঠানত ভাগ লৈ দুমনীচকী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নাজিজুল হক, মাৰুৱাচকী হাইস্কুলৰ প্ৰধান শিক্ষক মথুৰা মোহন নাথ , শিক্ষক ধনজিত ডেকা প্ৰমুখ্যে আন শিক্ষকসকলে  শিক্ষাবিদ পৰেশ বৈশ্যৰ এনে পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানত পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ তৰফৰ পৰা শিক্ষাৰ্থীসকলকৰ লগতে বিদ্যালয়খনক গ্ৰন্থ উপহাৰ দিয়ে। অনুষ্ঠানত বিদ্যালয়খন দশম শ্ৰেণীৰ ছাত্ৰী ইৰাণী চিদ্দিকাই নিজৰ  অভিমত ব্যক্ত কৰি কয় যে আজিৰ আলোচনাই তেওলোকক আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত যথেষ্ট সহায়ক হ'ব।