অসম বিজ্ঞান সমিতিৰ উদ্যোগত ছিপাঝাৰত ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী

অসম বিজ্ঞান সমিতিৰ উদ্যোগত ছিপাঝাৰত ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী

অসম বিজ্ঞান সমিতিৰ উদ্যোগত ছিপাঝাৰত ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী
অসম বিজ্ঞান সমিতিৰ উদ্যোগত ছিপাঝাৰত ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী

অসম বিজ্ঞান সমিতিৰ উদ্যোগত ছিপাঝাৰত ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী দুমুনীচকীৰ হলী মেৰী ইন্টাৰনেচনেল স্কুলত সামৰণী পৰে।

সংবাদ ডিজিটেল, দুমুনীচকী ৬ ডিচেম্বৰ:  অসম বিজ্ঞান সমিতি ছিপাঝাৰ শাখাৰ সৌজন্যত আৰু ভাৰত জন বিজ্ঞান যাত্ৰা অসমৰ উদ্যোগত আয়োজিত তিনিদিনীয়া ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনীখনৰ আজি সামৰণি পৰে। ৰবট, ভাৰ্চুৱেল ৰিয়েলিটি, পদাৰ্থৰ প্লাজমা অৱস্থা, পোহৰৰ ইলুচন, শব্দ জোখা যন্ত্ৰ ডেচিবেল মিটাৰ, বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰ ৰেইনগজ, বিদ্যুতৰ আৱেশৰ পৰীক্ষা, যোগাযোগ ব্যৱস্থাৰ বিবৰ্তন আদি একুৰিৰো অধিক বিজ্ঞানৰ চলমান মডেল তথা পৰীক্ষাৰ সঁজুলিৰে যোৱা চাৰি ডিচেম্বৰত বিষ্ণুপুৰস্থিত বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হোৱা প্ৰদৰ্শনীখন আজি ছয় ডিচেম্বৰত বিভিন্ন বিদ্যালয়ত প্ৰদৰ্শনৰ অন্তত আজি দুমুনীচকীৰ হলী মেৰী ইন্টাৰনেচনেল স্কুলত সামৰণী পৰে।

বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যাল‌য়, লক্ষীমপুৰ হাইস্কুল, বৰদৌলগুৰি হাইস্কুল, মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দুমুনীচকীৰ হলী মেৰী ইন্টাৰনেচনেল স্কুল আদিত তিনিদিন ধৰি প্ৰদৰ্শন হোৱা বিদ্যালয়ৰ উপৰি  নিকটৱৰ্তী কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক সকলে এই প্ৰদৰ্শনী প্ৰত্যক্ষ কৰি যথেষ্ট অভিজ্ঞতা আৰু প্ৰত্যক্ষ জ্ঞান লাভ কৰা বুলি ছাত্ৰ ছাত্ৰী সকলৰ পৰা জানিব পৰা গৈছে।

ভাৰত জন বিজ্ঞান যাত্ৰা অসমৰ সঞ্চালক ড: মনোজ কুমাৰ পাটোৱাৰীয়ে বিজ্ঞান প্ৰদৰ্শনীখনৰ গাইড হিচাপে থাকি ছাত্ৰ ছাত্ৰী সকলক সহজ সৰলভাৱে বুজাই দিয়ে। বিজ্ঞান প্ৰদৰ্শনীৰ লগতে লীফ জু অৰ্থাৎ গছৰ পাতেৰে তৈয়াৰী প্ৰাণীৰ আকাৰ প্ৰস্তুত কৰা কৰ্মশালাও অনুষ্ঠিত হয়। আজিৰ সামৰণীৰ প্ৰদৰ্শনীত অসম বিজ্ঞান সমিতি ছিপাঝাৰ শাখাৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ নাথ, ইকবাল ৰচিদ হাজৰিকা , সদস্য দিলীপ শইকীয়া , ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক  হাফিজ আলী , হলী মেৰী স্কুলৰ ৰাহুল এ শইকীয়া, গুৰুচৰণ কৌৰ, ৰফিকুল ইছলাম আদিয়ে  ভ্ৰাম্যমান প্ৰদৰ্শনীৰ দলটোক সংগ দিয়ে।

সামৰণী অনুষ্ঠানত  অনুষ্ঠানটিৰ সঞ্চালক ড: মনোজ কুমাৰ পাটোৱাৰীয়ে ছাত্ৰ ছাত্ৰীক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত আৰু ধাউতি বৃদ্ধি কৰিবলৈ এনেধৰণৰ ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে বুলি কয়। অসম বিজ্ঞান সমিতি , ছিপাঝাৰ শাখাই গ্ৰহণ কৰা এনে পদক্ষেপক বিদ্যালয়ৰ প্ৰধান সকলে প্ৰশংসা কৰে।