সাতগাঁও শিক্ষা নিকেতনৰ ৬ ষষ্ঠ বাৰ্ষিক নবাগত আদৰণী সভা সম্পন্ন

সাতগাঁও শিক্ষা নিকেতনৰ ৬ ষষ্ঠ বাৰ্ষিক নবাগত আদৰণী সভা সম্পন্ন

সাতগাঁও শিক্ষা নিকেতনৰ ৬ ষষ্ঠ বাৰ্ষিক নবাগত আদৰণী সভা সম্পন্ন

সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী নেকিব


কামৰূপ জিলাৰ সাতগাঁও শিক্ষা নিকেতনৰ ৬ষষ্ঠ বাৰ্ষিক নৱাগত আদৰণী সভা আৰু ছাত্ৰ-ছাত্ৰী সমাৰোহখন মঙলবাৰে অনুষ্ঠিত হৈ যায়। সাতগাঁও শিক্ষা নিকেতনৰ অধ্যক্ষ আটোৱাৰ ৰহমানে আঁত ধৰা দিৱা-নৈশভাৱে অনুষ্ঠিত এই নৱাগত আদৰণী সভাখন পৰিচালনা কৰে বিজুমা বেগমে ৷ সাতগাঁও শিক্ষা নিকেতনৰ তৰফৰপৰা জানিব  দিয়ামতে, নৱাগতৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰাৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰে মুখৰিত কৰি তোলে  সাতগাঁও শিক্ষা নিকেতনৰ বাকৰি ।

বিয়লি ২ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত  ২০২৩  বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ প্ৰাক্তন মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে অধ্যক্ষ আটোৱাৰ ৰহমানে । অনুষ্ঠানত সাতগাঁও শিক্ষা নিকেতনৰ শিক্ষক-কৰ্মচাৰী সকলকো বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ মুকলি সভাৰ পিছতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নেকিব আহমেদ আৰু কেশৱ দাসৰ গীতৰ শৰাইৰে নৱাগত আদৰণী সভা আৰু ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সামৰণি পৰে ৷