দৰং জিলাত স্বাস্থ্য সেৱা উৎসৱ-২ আৰম্ভ

দৰং জিলাত স্বাস্থ্য সেৱা উৎসৱ-২ আৰম্ভ
দৰং জিলাত স্বাস্থ্য সেৱা উৎসৱ-২ আৰম্ভ

জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯১/২০২৩

*দৰং জিলাত স্বাস্থ্য সেৱা উৎসৱ-২ আৰম্ভ*

মঙলদৈ, ২০ নৱেম্বৰ:  ৰাজ্যখনৰ আন জিলাসমূহৰ লগতে দৰং জিলাতো আজিৰে পৰা স্বাস্থ্য সেৱা উৎসৱ -২ আৰম্ভ হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা ২২ নৱেম্বৰলৈকে এই স্বাস্থ্য সেৱা উৎসৱ -২ অনুষ্ঠিত হ'ব ।

আজি মঙলদৈৰ আৱৰ্ত ভৱনত জিলাখনৰ স্বাস্থ্য সেৱা উৎসৱ-২ ৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে এই স্বাস্থ্য সেৱা উৎসৱে সামগ্ৰিকভাৱে জিলাখনৰ স্বাস্থ্য খণ্ডৰ আন্ত: গাঠনি উন্নীতকৰণ আৰু জনসাধাৰণলৈ গুণগত মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱা নিশ্চিত কৰাত সহায় কৰিব। তেওঁ কয় যে দৰং এখন আকাংক্ষিত জিলা । জিলাখনত নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ প্ৰয়োজন আছে। স্বাস্থ্য বিভাগে এই মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই স্বাস্থ্য সেৱা উৎসৱে জিলাখনৰ ৪২খন চিকিৎসালয়ত  স্বাস্থ্য সেৱা খণ্ডৰ ব্যৱধানসমূহ চিনাক্ত কৰি স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক ফলপ্ৰসু আৰু কাৰ্যক্ষম কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।

  আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত কৃষি বিভাগৰ সচিব সুব্ৰত ৰয় বৰ্ধন, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল,খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিক বিভাগৰ যুটীয়া সচিব সুজাতা সুচিব্ৰতা, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ গোস্বামী উপস্থিত আছিল।


      আজি স্বাস্থ্য সেৱা উৎসৱৰ প্ৰথম দিনটোত ১৪ খন চিকিৎসালয়ত বহিঃ মূল্যায়নকাৰীয়ে নিৰীক্ষণ কৰে।ইয়াৰে  ৮ খন চিকিৎসালয়  বহিঃ নিৰীক্ষকেও পৰিদৰ্শন কৰে।