দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
৫ আঘোন, বুধবাৰ ইং ২২ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৫১/৭ *সূৰ্য্যাস্ত* ঘ:- ৪/২৮/৩৬
*ৰাশি:-* কুম্ভ ৰাশি। ঘ:- ১২/১৯/৩০ যোৱাত মীন ৰাশি।
*তিথি :-* শুক্লা দশমী। ৰা:ঘ:- ১০/২১/৪৫ লৈ।
*নক্ষত্ৰ :-* পূৰ্ব্বভাদ্ৰপদ । স:ঘ:- ৫/৩৬/৫৪ লৈ।
*শুভ সংখ্যা:-* ৪/১
*শুভ ৰং:-* বগা / সেউজীয়া।
*আদ্যঋতু হলে :-* দুৰ্ভগা যোগ।
*মৰণত দোষ*:- দ্বিপদ। স:ঘ:- ৫/৩৬/৪৫ যোৱাত নাই ।
*যাত্ৰা:-* উত্তৰ দিশত নাই। ৰা:ঘ:-১০/২১/৪৫ যোৱাত অগ্নি কোনত নাই।
*যোগিনী* :- উত্তৰ দিশত। ৰা:ঘ:-১০/২১/৪৫ যোৱাত অগ্নি কোনত ।
*ভক্ষাভক্ষ্য* :- কলমৌ খোৱা নিষেধ। ৰা:ঘ:- ১০/২১/৪৫ যোৱাত উৰহী খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব, পাৰিবাৰিক দিশত সজাগ হোৱাটো ভাল হ'ব লগতে আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ অৱনতি হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব , সন্তানৰ পৰা সুখ শান্তি লাভ হ'ব, যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ নহ'লে সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্ম স্পৃহা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সকলো দিশতে শুভ হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মধ্য হ'ব , খেতিয়ক সকলে সামান্য কষ্ট কৰিবলগীয়া হ'ব পাৰে লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সকলো দিশতে শুভ বুলি কব পাৰি, আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালে সুখ শান্তি লাভ কৰিব, লগতে আজি আপোনাৰ পাৰিবাৰিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰিব, লগতে আজি আপুনি আনৰ পৰা কৰ্ম প্ৰেৰণা লাভ কৰাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, সাহিত্য সকলৰ লিখা পঢ়াত ব্যস্ততা বাঢ়িব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, সন্মান বাঢ়িব, ভাল খাদ্য গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ভাল কৰ্মত মনোনিবেশ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰিবলৈ আগ্ৰহ বাঢ়িব, লগতে আজি আপোনাৰ পাৰিবাৰিক জীৱনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205