দৈনিক ৰাশিফল

দৈনিক ৰাশিফল*

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

*দৈনিক ৰাশিফল*

শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২৬ কাতি , সোমবাৰ ইং ১৩ নৱেম্বৰ ২০২৩ । 
 *সূৰ্য্যোদয়* ঘ:- ৫/৪৩/৪৩ *সূৰ্য্যাস্ত* ঘ:- ৪/৩২/৩৩
*ৰাশি:-*  তুলা ৰাশি। ৰা:ঘ:- ৯/৪৬/৩৮  যোৱাত বৃশ্চিক ৰাশি।
*তিথি :-* অমাৱস্যা। দি:ঘ:- ২/২৬/৪৫  লৈ। 
*নক্ষত্ৰ :-*  বিশাখা। ৰা:ঘ:- ৩/৫৮/১  লৈ।
*শুভ সংখ্যা:-* ৪/২
*শুভ ৰং:-*  বগা/ গোলপীয়া।
*আদ্যঋতু হলে :-* বেশ্যা যোগ। 
*মৰণত দোষ*:- দ্বিপদ । 
 ঘ:-৩/৫৮/১ যোৱাত নাই। 
*যাত্ৰা:-* ঈশান কোনত নাই। ঘ:-২/২৬/৪৫ যোৱাত পূৱ দিশত নাই।
*যোগিনী* :- ঈশান কোনত । ঘ:-২/২৬/৪৫ যোৱাত পূৱ দিশত।
*ভক্ষাভক্ষ্য* :- মাছ মাংস খোৱা নিষেধ।ঘ:- ২/২৬/৪৫ যোৱাত কোমোৰা খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, গীত নাচত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য খেলিমেলিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত সঞ্চয় বাঢ়িব, হাতলৈ ধন ধান আহিব, সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত নিজকে ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, মানসিক সুখ শান্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে জয় লাভ কৰিব লগতে আজি আপুনি আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভাল বন্ধু সান্নিধ্য লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সকলো দিশতে শুভ হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হ'ব পাৰে বা সজাগ নহ'লে বিশ্চেদ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকৰ ৰাজহুৱা সন্মান বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যাৰ দিশটো শুভ বুলি কব পাৰি যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰবাত পাবলগীয়া বস্তু নাপাৱাও পাৰে লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে, নতুন প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব লগতে আজি আপুনি কৰ্মত সামান্য কষ্টৰ সন্মুখীন হৱ যদিও আজি আপুনি সকলো কৰ্মতে জয় লাভ কৰিব পাৰিব।

১২. **মীন ৰাশি-* ( দ,চ) - মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব যদিও আজি আপুনি সজাগ নহ'লে আত্মীয় পৰিয়ালৰ কাৰণে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মক্ষেত্ৰত আধিক ফলাফল আশা নকৰাই ভাল হ'ব।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205