দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
১১ আঘোন, মঙ্গলবাৰ ইং ২৮ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৫৫/১৬ *সূৰ্য্যাস্ত* ঘ:- ৪/২৮/৪
*ৰাশি:-* বৃষ ৰাশি। ৰা:ঘ:- ২/১৬/৩৬ যোৱাত মিথুন ৰাশি।
*তিথি :-* কৃষ্ণা প্ৰতিপদ। দি:ঘ:- ১/৪২/১১ লৈ।
*নক্ষত্ৰ :-* ৰোহিনী। দি:ঘ:- ১/৫৮/০০ লৈ।
*শুভ সংখ্যা:-* ১/৩
*শুভ ৰং:-* ৰঙা/ সোনালী।
*আদ্যঋতু হলে :-* পতিহিতা যোগ।
*মৰণত দোষ*:- এপদ। দি:ঘ:- ১/৪২/১১যোৱাত দ্বিপদ ।
*যাত্ৰা:-* পূৱ দিশত নাই । ঘ:- ১/৪২/১১ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী* :- পূৱ দিশত। ঘ:- ১/৪২/১১ যোৱাত উত্তৰ দিশত।
*ভক্ষাভক্ষ্য* :- কোমোৰা খোৱা নিষেধ। আ:ঘ:- ১/৪২/১১ যোৱাত তিতা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে জয় লাভ কৰিব, ব্যৱসায় বানিজ্য ক্ষেত্ৰত উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত নতুন নতুন কৰ্মৰ যোগাযোগ কৰিবলৈ সক্ষম হব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব,শুভ সংবাদ লাভ কৰিব, যদিও যি সকল বিবাহিত ব্যক্তি আছে তেওঁলোকে আজি সন্তানৰ পৰা সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য নতুন নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ'ব নহ'লে সামান্য ক্ষতি হব পাৰে।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে, লগতে আজি আপোনাৰ সৰু-সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকৰ কৰ্মত সু-নাম বৃদ্ধি হ'ব পাৰে, যদিও আজি আন আন ব্যক্তি সকলৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে ঘৰুৱা কৰ্মত সামান্য মনোমালিন্যৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, খেতিয়ক সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, উপাৰ্জন বাঢ়িব , প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, সম্পদ বা দ্ৰব্য লাভ হ'ব, লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক ভাৱে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ'ব পাৰে লগতে আজি বিবাহ ব্যক্তি সকলে সজাগ নহ'লে পাৰিবাৰিক দিশত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি বিবাহ ব্যক্তি সকলৰ দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205