দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
১ আঘোণ , শনিবাৰ ইং ১৮ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৪৭/৫৯ *সূৰ্য্যাস্ত* ঘ:- ৪/৩০/৩২
*ৰাশি:-* ধনু ৰাশি। ঘ:- ৮/৯/৬ যোৱাত মকৰ ৰাশি।
*তিথি :-* শুক্লা পঞ্চমী। দি:ঘ:- ৯/২৮/২৪ লৈ।
*নক্ষত্ৰ :-* উত্তৰাষাঢ়া। ৰা:ঘ:- ১/১১/৪৯ লৈ।
*শুভ সংখ্যা:-* ৯/৭
*শুভ ৰং:-* নীলা/ বেঙুনীয়া।
*আদ্যঋতু হলে :-* সুভগা যোগ।
*মৰণত দোষ*:- ত্ৰিপদ। ৰা:ঘ:- ১/১১/৪৯ যোৱাত এপদ।
*যাত্ৰা:-* দক্ষিণ দিশত নাই । ঘ:-৯/২৮/২৪ যোৱাত পশ্চিম দিশত নাই।
*যোগিনী* :- দক্ষিণ দিশত । ঘ:-৯/২৮/২৪ যোৱাত পশ্চিম দিশত।
*ভক্ষাভক্ষ্য* :- বেল খোৱা নিষেধ।ঘ:- ৯/২৯/২৪ যোৱাত তিতা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, জ্ঞান আহৰণৰ সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত ঘৰুৱা কৰ্মত মনলৈ সুখ শান্তি আহিব, কৰ্মক্ষেত্ৰত আজি উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হ'ব, লগতে আজি আপোনাৰ নিজৰ কৰ্মৰ দ্বাৰা আনৰ পৰা কৃতজ্ঞতা লাভ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত বেচা কিনাত ক্ষেত্ৰত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ কৰিব যদিও আজি আপুনি মনৰ পৰা খংঙ ভাৱ পৰিহাৰ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফল হ'ব, কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সৰু-সুৰা কথাতে ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, ভাল খৱৰ লাভ কৰিব পাৰে, লগতে আজি আপুনি নিজকে আনন্দ- ফুৰ্টিৰ মাজত ব্যস্ত ৰাখিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনটো সামান্য চিন্তিত কৰিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে ভাতৃ স্থানীয় ব্যক্তিৰ দ্বাৰা কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ যদিও আজি আপুনি মনোমালিন্য হ'ব পাৰা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব ।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হ'ব , সমাজ কৰ্মী সকলৰ সামাজিক ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব , কৰ্মত সিদ্ধি লাভ কৰিব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব , সঞ্চয় বাঢ়িব, লগতে আজি সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব , লগতে আজি আপোনাৰ মনত শুভ বুদ্ধিৰ উদয় হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205