যুব নেতা ড০ বনমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল অজস্ৰ লোক।

যুব নেতা ড০ বনমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল অজস্ৰ লোক।

যুব নেতা ড০ বনমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল অজস্ৰ লোক।
যুব নেতা ড০ বনমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল অজস্ৰ লোক।

ছিপাঝাৰত বিজেপি ৰ যুব নেতা ড০ বনমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল অজস্ৰ লোক।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ড০ বনমালী শৰ্মাই।

সাংবাদ ডিজিটেল, দুমুনিচকী ৭ ছেপ্টেম্বৰ: ছিপাঝাৰ বিধানসভা সমষ্টিত অহা নিৰ্বাচনক লৈ ইতিমধ্যে উষ্মা বৃদ্ধি পাইছে। বিশেষকৈ বিজেপিৰ যুৱ নেতা ড০ বনমালী শৰ্মাৰ নামত এতিয়া ৰাইজৰ মাজত দেখা গৈছে বিশেষ উচ্ছ্বাস। ড০ বনমালী শৰ্মাৰ সমৰ্থনত অজস্ৰ লোক আগবাঢ়ি অহা ছবিখনে ছিপাঝাৰৰ ৰাজনৈতিক পৰিসৰক নতুন গতি প্ৰদান কৰিছে।

ছিপাঝাৰ সমষ্টিৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বনমালী শৰ্মাই ইতিমধ্যেই নিৰ্বাচনী টঙালি মজবুত কৰি তুলিছে। গ্ৰাম-গঞ্জ, বজাৰ-মাঠ, জনসমাগম সকলো ঠাইতে ড০ বনমালী শৰ্মাৰ নাম উচ্চাৰিত হ’ব লাগিছে। বিশেষকৈ ছিপাঝাৰৰ বনমালী ফেণ্ডছ ক্লাবৰ সমৰ্থক সকলে আয়োজন কৰা আদৰণি সম্বৰ্ধনা অনুষ্ঠানৰ দৃশ্যই অঞ্চলটোক আনন্দ আৰু উল্লাসত ভৰাই তুলিছিল। শাৰী শাৰী বাইক ৰেলী, ড্ৰাম-ঢোলৰ বাদ্য আৰু ৰাইজৰ উচ্ছ্বাসে ছিপাঝাৰৰ পথঘাট পূৰ্ণ কৰি তোলে।

আনহাতে মিত্ৰজোঁটৰ পৰা সমষ্টিটোত কাক টিকট প্ৰদান কৰা হ’ব—তাক লৈ বৰ্তমানো চৰ্চা অব্যাহত আছে। তথাপি বনমালী শৰ্মাৰ নামত যি উচ্ছ্বাস দেখা গৈছে, তাতে প্ৰমাণিত হৈছে যে তেখেতে ইতিমধ্যে নিজকে শক্তিশালী প্ৰতিযোগী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ৰাজনৈতিক দিশৰ লগতে সামাজিক ক্ষেত্ৰতো তেওঁৰ সক্ৰিয়তা আৰু সদ্ভাৱনা ৰাইজৰ মাজত ইতিবাচক প্ৰভাৱ পেলাইছে।