বিষ্ণুৰ অষ্টম অৱতাৰ: কৃষ্ণ জন্মাষ্টমীৰ আধ্যাত্মিকতা

বিষ্ণুৰ অষ্টম অৱতাৰ: কৃষ্ণ জন্মাষ্টমীৰ আধ্যাত্মিকতা

বিষ্ণুৰ অষ্টম অৱতাৰ: কৃষ্ণ জন্মাষ্টমীৰ আধ্যাত্মিকতা
বিষ্ণুৰ অষ্টম অৱতাৰ: কৃষ্ণ জন্মাষ্টমীৰ আধ্যাত্মিকতা

বিষ্ণুৰ অষ্টম অৱতাৰ: কৃষ্ণ জন্মাষ্টমীৰ আধ্যাত্মিকতা

জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্ম  হৈছে খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই আৰু তেওঁৰ মৃত্যুৰ দিন খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰী।

শ্ৰী কৃষ্ণৰ জন্ম দিন অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ দিনা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম, ঘোষা, ৰাগ গাই আনন্দত মতলীয়া হয় সমগ্ৰ অসমবাসী। দৰাচলতে এই উৎসৱক দেশ তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ প্ৰান্তে-প্ৰান্তে বসবাস কৰা লোকসকলক মাজত কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও পৰিচিত। অৰ্থাৎ শ্ৰী কৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ পালন কৰা হয়। উল্লেখ্য যে, এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে, ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা, মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱ পালন কৰা হয়। অৱশ্যে ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, দধি মন্থন প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয়।

এই পৰম্পৰাক তামিলনাডুত 'উৰিয়াদি' নামৰে প্ৰচলিত। কৃষ্ণৰ জন্ম হওঁতে, নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বিভিন্ন ঠাইত নন্দোৎসৱ হিচাপে পালন কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। হিন্দু সমাজৰ বৈষ্ণৱ ধৰ্ম অনুসৰি ভগৱান বিষ্ণুক পৰমেশ্বৰ জ্ঞান কৰা হয় লগতে তেখেতৰ অন্যান্য অৱতাৰসমূহৰ তৎসম্বন্ধীয় গুৰু আৰু সাধকসকলৰ প্ৰতিও গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। শ্ৰী কৃষ্ণ মূলত: বিষ্ণুৰ পূৰ্ণাৱতা। সেয়ে কলি যুগত কৃষ্ণ নাম জীৱশ্ৰেষ্ঠ মানৱে উচ্চাৰণ কৰাই শ্ৰেয়। নহ'লে পাপৰ বিনাশ অহোপুৰুষাৰ্থ; যিটো সকলোৰে প্ৰধানতঃ কৰ্তব্য।

✍️চিন্ময় ডেকা,জলাহ টংলা ওদালগুৰি
দূৰভাষ:-৬০০২৬৬৬৫৯৩