বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাচিমৰ সংবাদমেল
বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাচিমৰ সংবাদমেল
বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাচিমৰ সংবাদমেল সম্বোধন ,; ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা ।
দৰঙৰ বৰদৌলগুৰি সমবায় সমিতিৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন অহা ১৮ ছেপ্টেম্বৰত দিনৰ ১১ বজাত সমবায় সমিতিৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হ'ব।সভাত ২০২৩-২৪ বৰ্ষৰ হিচাব পাঠ ,চৰকাৰী হিচাব পৰীক্ষকৰ দ্বাৰা পৰীক্ষিত উদ্বৃত পত্ৰ পাঠ , প্ৰতিবেদন পাঠ, ২০২৪-২৫ বৰ্ষৰ আভ্যন্তৰীণ হিচাব পৰীক্ষক নিয়োগ আৰু পাৰিতোষিক নিৰ্দ্ধাৰণ, ঋণৰ সৰ্ব্বোচ্চ সীমা নিদ্ধাৰণ,
সাম্ভাব্য বাজেট গ্ৰহন ,কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু অন্যান্য কাৰ্যসূচী সম্পৰ্কে আলোচনা ও সিদ্ধান্ত গ্ৰহনকে ধৰি ভালে কেইটা বিষয় সভাত কাৰ্যকৰী কৰা হ'ব বুলি সোমবাৰে সমবায়খনৰ সভাপতি আব্দুল কাছিমে সংবাদমেন সম্বোধন কৰি জানিবলৈ দিয়ে।তদুপৰি সঞ্চালক মণ্ডলীৰ ঘাটি হৈ থকা দুগৰাকী মহিলা সদস্যা আৰু অনুসূচীত জাতি বা জনজাতিৰ বাবে এজন সদস্য নিৰ্বাচন কৰা হ'ব বুলিও সভাপতি গৰাকীয়ে প্ৰকাশ কৰে।