ছিপাঝাৰৰ মাৰৈত ওৱাননেচৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন।

ছিপাঝাৰৰ মাৰৈত ওৱাননেচৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন।কৃতি মান ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা

ছিপাঝাৰৰ মাৰৈত ওৱাননেচৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন।
ছিপাঝাৰৰ মাৰৈত ওৱাননেচৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন।

সংবাদ ডিজিটেল, ১ ফেব্ৰুৱাৰী: ছিপাঝাৰ: ছিপাঝাৰৰ মাৰৈ-বিজুলীবাৰী অঞ্চলৰ অন্যতম বৃহত্তম সামাজিক, সাংস্কৃতিক অনুষ্ঠান "ওৱাননেছ" (Oneness) ৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস যোৱা ২৮ জানুৱাৰী তাৰিখে দিনযোৰা কাৰ্যসূচীৰে মাৰৈৰ বেংনৈপাৰত উদযাপন কৰা হয । ওৱাননেছৰ সভাপতি জেমচ ৰহমানে পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা অনুষ্ঠানত শ্বহীদ তৰ্পণ কৰে বিজুলীবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বৰ্ণালী বৰুৱাই। ইয়াৰ পিছত গছপুলি ৰোপণ কৰে জলসিঞ্চন বিভাগৰ অবসৰী কৰ্মচাৰী আলহাজ আকবৰ আলিয়ে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ খেল-ধেমালি আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উদ্বোধন কৰে প্ৰাক্তন ফুটবল খেলুৱৈ মালেক আলীয়ে। আবেলি ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই অবসৰী কৃতি শিক্ষক , সাংস্কৃতিক কৰ্মী প্ৰয়াত ভদ্ৰকান্ত ডেকা সোঁৱৰণী মঞ্চ মুকলি কৰি ওৱাননেচৰ সদস্য সকলক তেওঁলোকে সমাজৰ বাবে কৰি অহা কামক প্ৰশংসা কৰে আৰু সমাজখন এনেধৰণৰ ইতিবাচক কাম কৰিবলৈ উৎসাহিত কৰে।

এই মঞ্চতে প্ৰথমতে আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । জিলা খনৰ বিভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক প্ৰতিযোগিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। নিশা ৮ বজাৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সমাজসেৱিকা আৰু MyNews NE পৰিচালন সঞ্চালিকা ৰিজুমণি তালুকদাৰে ।

আমন্ত্ৰিত অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ ।্এই অনুষ্ঠানতে অঞ্চলটোৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ বিগত বছৰৰ কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় সংগীত শিল্পী মানস প্ৰতীম আৰু বৰ্ণালী বশিষ্টই সংগীত পৰিৱেশন কৰে । প্ৰসংগত উল্লেখ্য যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ওৱাননেচৰ সদস্য সকলে মংগলদৈ অসামৰিক চিকিৎসালয়ৰ সহযোগত এটি ৰক্তদান কাৰ্যসূচীও অনুষ্ঠিত কৰিছে। য'ত ওৱাননেছৰ ৩৩ গৰাকী সদস্যই ৰক্তদান কৰিছিল ।