পি.এম কিষাণ  উৎসৱ দিৱস”ত দৰং জিলাৰ  ৯৩,৭৮৬ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ অষ্টাদশ কিস্তিৰ ধন

পি.এম কিষাণ  উৎসৱ দিৱস”ত দৰং জিলাৰ  ৯৩,৭৮৬ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ অষ্টাদশ কিস্তিৰ ধন

পি.এম কিষাণ  উৎসৱ দিৱস”ত দৰং জিলাৰ  ৯৩,৭৮৬ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ অষ্টাদশ কিস্তিৰ ধন
পি.এম কিষাণ  উৎসৱ দিৱস”ত দৰং জিলাৰ  ৯৩,৭৮৬ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ অষ্টাদশ কিস্তিৰ ধন

পি.এম কিষাণ  উৎসৱ দিৱস”ত দৰং জিলাৰ  ৯৩,৭৮৬ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ অষ্টাদশ কিস্তিৰ ধন।

 উৎসৱৰ  বতৰত দেশৰ কৃষকলৈ  পি. এম. কিষাণৰ  ১৮ সংখ্যাক কিস্তিৰ ধন মুকলি কেন্দ্ৰীয় চৰকাৰৰ।  আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে “লাইভ ৱেৱকাষ্ট” ৰ জৰিয়তে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ‘ ১৮ সংখ্যাক কিস্তিৰ প্ৰায় ২০ হাজাৰ কোটিতকৈ  অধিক  ধনৰাশি দেশৰ প্ৰায় ৯.৪ কোটিৰো অধিক  যোগ্য হিতাধিকাৰীক হস্তান্তৰ কৰে। এই উপলক্ষে আজিৰ দিনটোত দেশজুৰি “পি. এম কিষাণ উৎসৱ দিৱস” ৰূপে উদযাপন কৰা হয়। দৰং জিলাৰ ৯৩,৭৮৬ গৰাকী যোগ্য হিতাধিকাৰীয়ে নিজৰ নিজৰ একাউণ্টত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে লাভ কৰিব ১৮ সংখ্যাক কিস্তিৰ ধন। মহাৰাষ্ট্ৰৰ ৱাছিমত  আয়োজিত এক অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশ্বৰ সৰ্ববৃহৎ প্রত্যক্ষ লাভ হস্তান্তৰ আঁচনিসমূহৰ অন্যতম পি. এম কিষাণ আঁচনিৰ ১৮ সংখ্যাক কিস্তিৰ ধন কৃষকৰ বাবে মুকলি কৰি দিয়ে।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলা কৃষি বিভাগৰ উদ্যোগত জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ, পাথৰিঘাট আৰু দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ লগতে ৰামহৰি কৃষি উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে। ইয়াৰ উপৰিও দলগাঁও-শিয়ালমাৰী,  কলাইগাওঁ, বেচিমাৰী, ছিপাঝাৰ, পশ্চিম  আৰু  পূব মঙলদৈ উন্নয়ন খণ্ডত  আৰু প্ৰতিটো গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত লাইভ ৱেৱকাষ্টৰ ব্যৱস্থা কৰা হয়। প্ৰতিকূল বতৰকো নেওচি প্ৰায় তিনি শতাধিক কৃষক ৰাইজে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ  কৰি  পি.এম কিষাণ উৎসৱ দিৱস”ক  সাফল্যমন্দিত কৰি তুলে। 

জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত “লাইভ ৱেৱকাষ্ট” অনুষ্ঠানত জিলা কৃষি বিষয়া  ড০ মনোৰঞ্জন শৰ্মা, মঙ্গলদৈ মহকুমা কৃষি বিষয়া দিবাকৰ ডেকা, শশাংক গোস্বামী, উৎপল দাস, হেমেন লহকৰ, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া তথা পি এম কিষাণৰ জিলা ন’ডেল বিষয়া দেৱ কুমাৰ শৰ্মা, বঙলাগড় কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া শিৰোমণি ফুকন, কনিষ্ঠ সহায়ক নৱ কুমাৰ চহৰীয়াকে ধৰি বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰত  মূৰব্বী তথা জেষ্ঠ্য বিজ্ঞানী  ড০ আব্দুল হাফিজ, পাথৰিঘাট মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত মহকুমা কৃষি বিষয়া সুৰজিত দাস, দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ত মহকুমা কৃষি বিষয়া ৰাজুমনি  দত্ত , ৰামহৰি কৃষি উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত  কৃষি উন্নয়ন বিষয়া জাবিৰ আহমেদৰ  লগতে  অন্যান্য অনুষ্ঠান স্থলীসমূহত কৃষি উন্নয়ন বিষয়া  অভিনন্দা হাজৰিকা,বীৰেনসিং পেগু, অনুপেন্দ্ৰ নাৰায়ন দেৱ, বিলাস কিশোৰ মেধি, খণ্ড  প্ৰযুক্তি প্ৰৱন্ধক  নিতুল কলিতা, মান্টু মজুমদাৰ, কল্যাণ কুমাৰ বৰা, তপন শইকীয়া, অনুপম মহন্ত, শংকৰ নাথ, প্ৰগ্ৰেম বিষয়া কৃষ্ণা  তালুকদাৰ, মিডিয়া বিশেষজ্ঞা ৰূপ্লী বৰাকে ধৰি কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণ বিষয়াৰ লগতে বিভাগীয় বিষয়া সকল উপস্থিত থাকে।


জিলা কৃষি বিভাগ দৰঙৰ সৌজন্যত