দৰঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

দৰঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

দৰঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন
দৰঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

দৰঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

মঙলদৈ, ১৫ আগষ্ট: আজি সমগ্র দেশৰ লগতে মঙলদৈ কাছাৰী ময়দানতো  ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । দৰং জিলা প্ৰশাসনে আয়োজন কৰা এই উদযাপন অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকে  অসম চৰকাৰৰ ‌হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। মুখ্য অতিথিগৰাকীয়ে পুৱা ৯ বজাত  কাছাৰী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামত অংশ লৈ ভাৰতৰ স্বাধীনতাৰ বাবে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা স্বাধীনতা মুক্তিযুঁজাৰুসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া 
মনিৰাম দেৱান, কুশল কোঁৱৰ,পিয়লি ফুকন, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননীকে ধৰি সকলো শ্বহীদলৈ তেওঁ শ্ৰদ্ধা নিবেদন কৰে। দৰঙৰ পণ্ডিত দীনেশ্বৰ শৰ্মা, টংকেশ্বৰ শৰ্মা, তপেশ্বৰ শৰ্মা, ৰত্নবালা দেৱী, ৰত্নেশ্বৰ শৰ্মা, ৰূপকান্ত ডেকা, পানীৰাম দাস আদি বিশিষ্ট মুক্তিযুঁজাৰুসকলক আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি গৰাকীয়ে গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে । ইংৰাজৰ কুশাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়া পথৰুঘাটৰ সাতকুৰি কৃষক শ্বহীদলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সীমান্ত সুৰক্ষাৰ কামত নিয়োজিত হৈ দেশৰ সাৰ্বভৌমত্ব ৰক্ষা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া মহান সৈনিকসকলক তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে।

             মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত দ্ৰুত গতিৰে উন্নয়ন আৰু প্ৰগতিৰ পথত আগবাঢ়িছে । দেশবাসীক আৰু বিশেষকৈ যুৱপ্ৰজন্মক গভীৰ দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ বাবে গ্ৰহণ কৰা 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচী সফল কৰাৰ বাবে তেওঁ সকলোৰে প্ৰতি অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বিগত তিনি বছৰত ৰাজ্যখনত সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে অহৰ্নিশে কাম কৰি আছে। বৰ্তমান চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনৰ আন সকলো ঠাইৰ লগতে দৰং জিলাৰো বিভিন্ন ক্ষেত্ৰত উন্নয়ন আৰু প্ৰগতি সাধন হৈছে।

জিলাখনৰ এনে উন্নয়নে ৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক স্বীকৃতি লাভ কৰিছে। এই প্ৰসংগত তেওঁ ল'ৰা-ছোৱালীৰ মাজত নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ প্ৰতিৰোধ আৰু এইবোৰৰ অবৈধ সৰাবৰাহ ৰোধৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে দৰং জিলাই ৰাষ্ট্ৰীয় পর্যায়ত শ্রেষ্ঠত্ব প্রদর্শনকাৰী জিলাৰ সন্মান লাভ কৰাৰ কথা উল্লেখ কৰে। 
মঙলদৈ পৌৰসভাই ৰাষ্ট্ৰীয় নগৰীয়া জীবিকা অভিযানৰ অধীনত পি এম স্বনিধি আঁচনিৰ জৰিয়তে মঙলদৈৰ পদপথৰ ব্যৱসায়ীসকলক সবলীকৰণত লাভ কৰা সফলতাৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত 'প্রেইজ' বঁটা লাভ কৰাৰ কথাও তেওঁ লগতে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দৰং জিলাত এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ স্থাপনৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে মঙলদৈ বাইপাছ আৰু দক্ষতা বিশ্ববিদ্যালয়ৰ কাম পূৰ্ণদ্যোমে আগবাঢ়িছে।

           মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত চিকিৎসা শিক্ষা আৰু গৱেষণা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, গৃহ আৰু ৰাজনৈতিক, কৃষি,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনৰ উল্লেখনীয় সফলতা সমূহৰ কথা উল্লেখ কৰে । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বিত্ত, শিক্ষা,পৰিৱেশ আৰু বন, পৰিবহন, হস্ততাঁত বস্ত্ৰ আৰু ৰেচম, ভূমি সংৰক্ষণ, মহিলা আৰু শিশু উন্নয়ন আদি বিভিন্ন বিভাগৰ সফলতাৰ চমু খতিয়ান দাঙি ধৰে ।

        ভাষণৰ অন্তত মন্ত্ৰী গৰাকীয়ে আৰক্ষী , অৰ্ধসামৰিক বাহিনী,এন চি চি, স্কাউট আৰু গাইডৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে । 
       
      স্বাধীনতা দিৱস উদযাপনৰ এই অনুষ্ঠানত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীও পৰিবেশন কৰা হয়।

       অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা জিলাখনৰ কেইবাটাও বিভাগ আৰু অনুষ্ঠানক বঁটা প্ৰদান কৰা হয়।
   আজিৰ অনুষ্ঠানত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালৰ লগতে বহু বিশিষ্ট নাগৰিক, মুক্তিযোদ্ধাৰ পৰিয়ালৰ সদস্য আৰু ৰাইজ উপস্থিত থাকে।

     পতাকা উত্তোলন কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত আৰু গোপীনাথ বৰদলৈ উদ্যানত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধা তৰ্পণ কৰে । 
    দৰঙত উদযাপিত ৭৮সংখ্যক স্বাধীনতা দিৱসৰ মুখ্য অতিথি হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মঙলদৈৰ জিলা কাৰাগাৰালৈ যায় আৰু তাত তেওঁ 'কাৰাগাৰ চে কাৰিগৰ' আঁচনিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

আজি মঙলদৈ বিদ্যাপীঠৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত স্বাধীনতা দিৱস  উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক  বঁটা প্ৰদান কৰা হয়। খেলপথাৰখনত জিলা আয়ুক্ত একাদশ আৰু মঙলদৈ ক্ৰীড়া সন্হা একাদশৰ মাজত প্ৰীতি টেনিছ বল ক্ৰিকেট আৰু প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। জিলা আয়ুক্ত একাদশৰ হৈ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে এই খেলত অংশ গ্ৰহণ কৰে আৰু খেলৰ অন্তত বিজয়ীসকলৰ হাতত বঁটা তুলি দিয়ে।