মঙলদৈ আৰু খাৰুপেটীয়া পৌৰসভাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী
মঙলদৈ আৰু খাৰুপেটীয়া পৌৰসভাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী
মঙলদৈ আৰু খাৰুপেটীয়া পৌৰসভাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত
মঙলদৈ, ১৪ ডিচেম্বৰ: আজি দৰং জিলাৰ মঙলদৈ পৌৰসভাৰ উদ্যোগত ভেবাৰঘাট বাছ আস্থানৰ সমীপৰ কৃষ্টি সংঘৰ খেলপথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে এই যাত্ৰাৰ উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। জিলা আয়ুক্তগৰাকীয়ে পি এম বিশ্বকৰ্মা, আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰীৰ উজ্বলা যোজনা, জলজীৱন মিছন, প্ৰধানমন্ত্ৰী জন ধন যোজনা, পি এম স্ব-নিধি যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা তেওঁৰ ভাষণত উল্লেখ কৰে। সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায । আজিৰ অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিভাগে দিয়া ষ্টলসমূহত এই আঁচনিসমূহৰ সুবিধা গ্ৰহণৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা আছে আৰু বিভাগসমূহৰ কাৰ্যালয়লৈ গৈও ৰাইজে এনে জনহিতকৰ আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বুলিও তেওঁ লগতে কয়।
আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চৌদিশে পৰিৱৰ্তন সাধন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ কথা চিন্তা কৰিয়েই স্থায়ী ঘৰ, টেপযুক্ত পানী সংযোগ, শৌচাগাৰ, বিনামূলীয়া চিকিৎসা, বিনামূলীয়া ৰেচন, গেছ সংযোগ, বিদ্যুৎ সংযোগ, বেংক একাউণ্ট খোলা আদিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত সৰ্বত্ৰ পৰিৱৰ্তন আহিছে ।
আজিৰ অনুষ্ঠানত অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী, বিশিষ্ট সমাজকৰ্মী অমৰেন্দ্ৰ শৰ্মা, বিশিষ্ট ক্ৰীড়াবিদ কুঞ্জলতা বড়োয়েও ভাষণ প্ৰদান কৰে। জিলাখনৰ কেইবাটাও বিভাগৰ মূৰব্বী বিষয়াসকলে তেওঁলোকৰ নিজৰ নিজৰ বিভাগত থকা চৰকাৰী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। আজিৰ অনুষ্ঠানত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি বীৰেন মেধি, গিৰীন্দ্ৰ প্ৰসাদ বৰুৱা, আব্দুল খালেক, পুৰণ চমুৱা আৰু ভগীৰথ ছেত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় । অনুষ্ঠানত তিনিগৰাকী স্বাস্থ্যবান শিশু ৰাইমা ছিদ্দিকি, ভায়'লিনা বৰুৱা আৰু লিলাংশা পালক সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও খেল মহাৰণত বৰ্তমানলৈকে অনুষ্ঠিত প্ৰতিযোগিতাত স্থান লাভ কৰা কেইবাগৰাকী খেলুৱৈক পুৰস্কৃত কৰা হয়।
অনুষ্ঠানত মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, বিশিষ্ট সমাজকৰ্মী কমলেশ্বৰ বৰুৱাও উপস্থিত থাকে।
আজি খাৰুপেটীয়াৰ টাউন ফিল্ডত খাৰুপেটীয়া পৌৰসভাই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে পৌৰপতি কৃষ্ণা সাহাই। এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। অনুষ্ঠানত দৰং জিলাৰ উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ।
এই যাত্ৰাই সামৰি লোৱা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে তেওঁ উপস্থিত সকলোলৈ আহ্বান জনায়।
এই দুয়োখন পৌৰসভাৰ আজিৰ কাৰ্যসূচীত উপস্থিত থকা সকলোৱে পঞ্চ সংকল্প গ্ৰহণ কৰে। আজি মঙলদৈ আৰু খাৰুপেটীয়াত এই যাত্ৰা কাৰ্যসূচীৰ বাবে সুসজ্জিত বাহনত সংযুক্ত এল ই ডি স্ক্ৰীণযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যসহ দেশৰ উন্নয়ন বিষয়ক তথ্যচিত্র তথা চুটি ছবি প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত চৰকাৰৰ বিভিন্ন আঁচনিৰ কেইবাগৰাকীও হিতাধিকাৰীয়ে তেওঁলোকে লাভ কৰা সুবিধা আৰু সুফল বৰ্ণনা কৰি চমু ভাষণ প্ৰদান কৰে।অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীও পৰিবেশন কৰা হয়।
আজি মঙলদৈ পৌৰসভা আৰু খাৰুপেটীয়া পৌৰসভাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, খণ্ড আয়ুক্তসকল, বিশিষ্ট নাগৰিক, খেলুৱৈ, সাংস্কৃতিক কৰ্মীৰ লগতে বহুসংখ্যক লোক উপস্থিত আছিল।