দৰং জিলাৰ পৰা ৬ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত
দৰং জিলাৰ পৰা ৬ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত
দৰং জিলাৰ পৰা ৬ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত।
-----------------------------------------------------
কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা যোগাসন ক্ৰীড়াৰ বাবে স্বীকৃতি প্ৰাপ্ত সংস্থা "যোগাসনা ভাৰতৰ" ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অহা 18,19 আৰু 20 ডিচেম্বৰত পঞ্জাৱৰ জলন্ধৰত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত দৰঙ জিলাৰ পৰা ছয় গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি দৰং জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক বিপুল গোস্বামীয়ে জানিবলৈ দিছে।দৰঙ জিলাৰ দেওমৰনৈ সমীপৰ পূৱ বড়ি গাওঁ প্ৰাথমিক বিদ্যালয়স্থিত জিৰণি যোগ কেন্দ্ৰত যোগ প্ৰশিক্ষক মাননীয় শ্ৰী জিতু মহন্তৰ তত্বাবধানত প্ৰশিক্ষণ লোৱা জাপ মৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভিজিত চহৰীয়া,বেদান্ত কুমাৰ মহন্ত,হীৰক জ্যোতি কাশ্যপ,মঙলদৈ শঙ্কৰদেৱ শিশু নিকেটনৰ বিভাশ বৈভৱ মহন্ত,দেওমৰনৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুজ ডেকা আৰু সৌৰভ ডেকাই উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব।প্ৰতিযোগী সকললৈ দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা,জিৰণি যোগ কেন্দ্ৰ,জাপ মৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়,জাপ মৰা বড়ি আঞ্চলিক শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ পৰিচালনা সমিতি ধৰি ভালে কেইটা অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে।
জাপ মৰা বড়ি হাই স্কুল প্ৰাঙ্গণত আজি ৰাতিপূৱা অনুষ্ঠিত শুভেচ্ছা জ্ঞাপন অনুষ্ঠানত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক মাননীয় শ্ৰী ভাৰত ভূষণ মহন্ত দেৱৰ লগতে ভালে কেইগৰাকী ব্যক্তি উপস্থিত হৈ প্ৰতিযোগী সকলক ফুলাম গামোছাৰে শুভেচ্ছা জ্ঞাপন কৰে।