মংগলদৈৰ দুই বিশিষ্ট ব্যক্তিলৈ বিশেষ সন্মান

মংগলদৈৰ দুই বিশিষ্ট ব্যক্তিলৈ বিশেষ সন্মান

মংগলদৈৰ দুই বিশিষ্ট ব্যক্তিলৈ বিশেষ সন্মান
মংগলদৈৰ দুই বিশিষ্ট ব্যক্তিলৈ বিশেষ সন্মান

*মংগলদৈৰ দুই বিশিষ্ট ব্যক্তিলৈ বিশেষ সন্মান*

অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গ্ৰীল্ডৰ বিশেষ সন্মান মংগলদৈ নিবাসী অশোক কুমাৰ ভাৰ্গব আৰু ভবেন বৰ্মণলৈ | বিশিষ্ট ব্যৱসায়ী , জ্যোতি চিত্ৰবনৰ প্ৰাক্তন উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গবে সামাজিক ক্ষেত্ৰলৈ আগবঢ়াই অহা বিশেষ অবদানৰ বাবে অনুষ্ঠানটোবে প্ৰদান কৰে আৰোহণ সমাজসেবা বঁটা ২০২৩ | একেদৰে বিগত সময়ত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়াই অহা বিশেষ অৰিহণাৰ বাবে দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মণ প্ৰদান কৰে আৰোহণ সমাজহিতৈষী বঁটা ২০২৩ | দেওবাৰে অনুষ্ঠিত আৰোহণ আৰ্টিষ্ট গ্ৰীল্ডৰ ২৩ তম প্ৰতিষ্ঠা দিৱসত দুয়োগৰাকী সন্মানীয় ব্যক্তিক প্ৰদান কৰে বঁটা |

আৰোহণ আৰ্টিষ্ট গ্ৰীল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান কাৰ্যসূচী আছিল গুৱাহাটী উজান বজাৰৰ কুমাৰ ভাস্কৰৰ নাট্য মন্দিৰত | প্ৰায় দুই শতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হৈছিল কাৰ্যসূচী | গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত আৰোহণ ক্ৰীড়া বঁটা ২০২৩ প্ৰদান কৰে বন বিষয়া তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰোত্তোলক , কেইবাটাও স্বৰ্ণপদক বিজয়ী ৰবীন কুমাৰ বৈশ্যক | আৰোহণ সাহিত্য বঁটা ২০২৩ প্ৰদান কৰে গুৱাহাটী চচল নিবাসী বিশিষ্ট লেখক ইন্দ্ৰেশ্বৰ নাথক | আনহাতে একেটা কাৰ্যসূচীত ধুবুৰী জিলাৰ আগমণি নিবাসী কৃপাসিন্ধু সৰকাৰকো প্ৰদান কৰে আৰোহণ সমাজসেবা বঁটা।

বন বিষয়া ৰবীন কুমাৰ বৈশ্যলৈ আৰোহণ ক্ৰীড়া বঁটা ২০২৩