দৰঙত দেশভক্তি দিৱস পালন

দৰঙত দেশভক্তি দিৱস পালন

দৰঙত দেশভক্তি দিৱস পালন
দৰঙত দেশভক্তি দিৱস পালন

দৰঙত দেশভক্তি দিৱস পালন

মঙলদৈ, ২৮ জুলাই: দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত দেশভক্তি দিৱস পালন কৰা হয়। আজিৰ অনুষ্ঠানৰ  আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।


     আজিৰ সভাত ভাষণ প্ৰদান কৰি অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে দেশভক্তি দিৱস পালনৰ তাৎপৰ্যৰ ব্যাখ্যা কৰে।  মহৎ ব্যক্তিসকলৰ আদৰ্শ অনুকৰণেৰে নৱপ্ৰজন্মই কিদৰে নিজৰ ব্যক্তিত্বৰ উৎকৰ্ষ সাধন কৰিব পাৰিব সেই বিষয়েও তেওঁ ভাষণত উল্লেখ কৰে। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীয়ে ৰাজ্যখনৰ ঐতিহ্য তথা সম্পদৰাজিক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাই তুলিছে বুলি তেওঁ মন্তব্য কৰে।

এই প্ৰসংগত তেওঁ লাচিত দিৱস উদযাপনৰ পৰা শেহতীয়াকৈ চৰাইদেউ মৈদাম ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত হোৱা আদিৰ কথা উল্লেখ কৰে।  সভাত ভাষণ প্ৰদান কৰি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰাই নৱপ্ৰজন্মক 'মহা মহা পুৰুষৰ চানেকিৰে জীৱন'ৰ নিজৰ জীৱন গঢ়ি তুলিবলৈ আহ্বান জনায়। দেশভক্ত তৰুণৰাম ফুকনৰ বিভিন্ন গুণৰাজিৰ কথা উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় যে তেওঁ শিক্ষা জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰা এগৰাকী সম্পূৰ্ণ ব্যক্তি আছিল। দেশভক্তি দিৱস পালনে নৱপ্ৰজন্মক এই গৰাকী মহান অসম সন্তানৰ আদৰ্শ অনুসৰণ কৰি সফলতাৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।


      সভাত মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংগীৰসে শিক্ষাৰ প্ৰকৃত লক্ষ্য, মানৱ জীৱনৰ মহত্বৰ সন্ধান, ব্যক্তিত্বৰ উৎকৰ্ষতাৰ বাবে নিৰলস সাধনাৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰোঁতে তেওঁৰ সমসাময়িক দেশ আৰু বিশ্বৰ বিভিন্ন ঘটনাৰাজিৰ বিষয়েও অধ্যাপকগৰাকীয়ে ভাষণত উল্লেখ কৰে। আজিৰ সভাত ভাষণ প্ৰদান কৰি জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে দেশভক্তি দিৱসৰ পালনৰ তাৎপৰ্যৰ প্ৰসংগত নিজৰ দেশ আৰু জন্ম ঠাইক ভালপোৱাৰ লগতে সেই ঠাইসমূহৰ অতীত আৰু ঐতিহ্যৰ বিষয়ে জ্ঞান আহৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই প্ৰসংগত তেওঁ স্বাধীনতাপ্ৰিয় দৰঙী ৰাইজৰ ইতিহাস, কৃষ্টি- সংস্কৃতিৰ-শিক্ষা আদি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ দৰঙৰ অৱদান আৰু দৰঙৰ কেইবাগৰাকী বিশিষ্ট সন্তানৰ কৰ্মৰ বিষয়ে উল্লেখ কৰে।


    আজিৰ অনুষ্ঠানত দেশভক্তি দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাৰ জিলা ভিত্তিত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাৰ 'ক' শাখাত প্ৰথম স্থান লাভ কৰে সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লুনা প্ৰিয়া কলিতা, দ্বিতীয় স্থান লাভ কৰে  গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰণবীৰ কলিতাই আৰু তৃতীয় স্থান লাভ কৰে বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যোতিস্মিতা কুমাৰে। সেইদৰে 'খ' শাখাত ত্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিপাশা বৰুৱাই প্ৰথম স্থান, ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 
অদিতি গোস্বামীয়ে দ্বিতীয় স্থান আৰু মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিমাশ্ৰী শৰ্মাই তৃতীয় স্থান লাভ কৰে।

এই ৰচনা প্ৰতিযোগিতাৰ 'গ' শাখাত ছিপাঝাৰ মহাবিদ্যালয়ৰ কল্যাণী গোস্বামীয়ে প্ৰথম, মঙলদৈ মহাবিদ্যালয়ৰ পাৰ্থ শৰ্মাই দ্বিতীয় আৰু মঙলদৈ মহাবিদ্যালয়ৰ হিয়া কলিতাই তৃতীয় স্থান লাভ কৰে।
  দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত উপাসনা দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিভিন্ন বিদ্যালয়ৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰী উপস্থিত আছিল।