বলোৰাম বৈশ্যলৈ "মুক্তাৰাম বৰুৱা ওজা শিল্পী সন্মান ২০২৪

বলোৰাম বৈশ্যলৈ "মুক্তাৰাম বৰুৱা ওজা শিল্পী সন্মান ২০২৪"

বলোৰাম বৈশ্যলৈ "মুক্তাৰাম বৰুৱা ওজা শিল্পী সন্মান ২০২৪
বলোৰাম বৈশ্যলৈ "মুক্তাৰাম বৰুৱা ওজা শিল্পী সন্মান ২০২৪

পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ ঘোষণা 

নাগাৰা নামৰ খ্যাতনামা শিল্পী-পাঠক বলোৰাম বৈশ্যলৈ "মুক্তাৰাম বৰুৱা ওজা শিল্পী সন্মান ২০২৪"

দৰং জিলাৰ এটি আগশাৰীৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক অনুষ্ঠান পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ এখন বিশেষ সভা আজি পুৱা ৮ বজাত পাথৰিঘাট পৰিদৰ্শন বঙলাত অনুষ্ঠিত হৈ যায়। পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সভাপতি দিবাকৰ বৰুৱাই সভাপতিত্ব কৰা আৰু গোষ্ঠীৰ সম্পাদক মোস্তাক হুছেইনে উদ্দেশ্য বাখ্যা কৰা সভাখনত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাত ভাগ লৈ মতামত প্ৰদান কৰে গোষ্ঠীৰ উপদেষ্টা ক্ৰমে প্ৰফুল্ল কুমাৰ বৰুৱা,চাহাবুদ্দিন আহমেদ, অখিল ৰঞ্জন ভট্ট আৰু ইলতাফ আলি আদিয়ে। আলোচনাৰ অন্তত পথৰুঘাটৰ স্বনামধন্য সুকনানি ওজা, ত্ৰৌৰ্যত্ৰিক পাৰংগত "মুক্তাৰাম বৰুৱা ওজা শিল্পী সন্মান ২০২৪" সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিল্পী, স্বনামধন্য পাঠক আৰু নাগাৰা নামৰ গুৰু দৰং জিলাৰ হুছেইন চুবুৰিৰ নিৱাসী বলোৰাম বৈশ্যক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে সুকনানি সংগীতৰ মহীৰূহ্ নাগাৰা নামৰ খ্যাতনামা শিল্পী মুক্তাৰাম বৰুৱা ওজাৰ ১৯ আগষ্টৰ মৃত্যু দিৱসটি পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটে সুকনানি সংগীতৰ দিন হিচাপে পালন কৰি আহিছে। ইতিপূৰ্বে এই সন্মান ক্ৰমে কান্তৰাম ডেকা ওজা,ৰামাকান্ত শৰ্মা ওজা আৰু ৰাজেন্দ্ৰ নাথ ওজাক প্ৰদান কৰা হৈছে।গোষ্ঠীৰ সদস্য ক্ৰমে নাৰায়ন কুমাৰ ডেকা,জিয়াউৰ ৰহমান, ইমৰান হুছেইন আৰু শুভাকাংক্ষী সদস্য আতিকুৰ ৰহমান, চলমান খান আদি সদস্য উপস্থিত থকা সভাখনত সমাগত শিক্ষক দিৱস উপলক্ষে জিলা খনৰ কুৰি গৰাকী কৃতী শিক্ষকক সন্মান আৰু সম্বৰ্ধনা জনোৱাৰ সম্পৰ্কটো সিদ্ধান্ত গ্ৰহন কৰা হয় । এই সম্পৰ্কত যাবতীয় প্ৰস্তুতীৰ বাবে যোগেন্দ্ৰ কুমাৰ শৰ্মা,চাহাবুদ্দিন আহমেদ, অখিল ৰঞ্জন ভট্ট,গোষ্ঠীৰ সভাপতি দিবাকৰ বৰুৱা আৰু সম্পাদক মোস্তাক হুছেইনক লৈ বাচনি সমিতি গঠন কৰা হয় । ইয়াৰ উপৰিও সভাত পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ উদ্যোগত যোৱা ৮ জুলাইৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ জমা -খৰচৰ হিচাপ সম্পাদক মোস্তাক হুছেইনে দাখিল কৰে। আনহাতে সংগীত কৰ্মশালা খনি সফলতাৰে অনুষ্ঠিত হোৱাৰ বাবে সভাত ধন্যবাদ সুচক প্ৰস্তাৱ গ্ৰহণ কৰে ।‌