দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান
দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

সংবাদ ডিজিটেল, মঙলদৈ, ১৭ জানুৱাৰী: আজি দৰঙৰ জিলা পুথিভঁৰালত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে সাংস্কৃতিক মহাসংগ্ৰামে ৰাজ্যখনৰ চুকে-কোণে থকা নৱপ্ৰজন্মক তেওঁলোকৰ সাংস্কৃতিক প্ৰতিভা বিকাশৰ সুযোগ প্ৰদান কৰিছে।

এই মহাসংগ্ৰামে নৱপ্ৰজন্মক নিজৰ ৰাজ্যৰ লগতে দেশৰ সাংস্কৃতিক ঐতিহ্য আৰু সম্পদৰ প্ৰতি আকৰ্ষিত কৰিছে । এই মহাসংগ্ৰামে আমাৰ ঐতিহ্যময় সংস্কৃতিৰ চৰ্চা আৰু ধাৰা অব্যাহত ৰাখিবলৈ নৱপ্ৰজন্মক প্ৰেৰণা যোগাব বুলি তেওঁ মন্তব্য কৰে।   এনে অভিনৱ কাৰ্যসূচী গ্ৰহণৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে প্ৰতিযোগিতাত স্থান লাভৰ লগতে এগৰাকী শিল্পী হিচাপে নিজকে গঢ়ি তুলিবৰ বাবে কঠোৰ সাধনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নৱ প্ৰজন্মৰ গায়ক-গায়িকাসকলে প্ৰতিষ্ঠিত শিল্পী সকলৰ পৰা কেনেদৰে শিক্ষা গ্রহণ কৰিব পাৰে সেই বিষয়েও তেওঁ ব্যাখ্যা আগবঢ়ায়।

কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৱে তেওঁৰ ভাষণত দৰং জিলাত স্থানীয় লোকসকলৰ প্ৰচেষ্টাত অৰণ্যৰ দৰে জনপ্ৰিয় আৰু কালজয়ী ছবি নিৰ্মাণৰ কথা উল্লেখ কৰি সেই ঐতিহ্যৰ ধ্বজাবাহী জিলাখনৰ নৱপ্ৰজন্মই সাংস্কৃতিক ক্ষেত্ৰত  ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে। অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে দৰঙৰ সু- সন্তান হেমন্ত দত্ত, ইদ্ৰিছ আলীৰ পৰা মৌচুমী চহৰীয়ালৈকে বিভিন্নগৰাকীয়ে অসমৰ  সাহিত্য- সংস্কৃতি ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ কথা উল্লেখ কৰি কয় যে ন-প্ৰজন্মৰ শিল্পীসকলেও দৰঙৰ নাম উজলাব লাগিব। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে সফলতা লাভৰ বাবে কঠোৰ শ্ৰমৰ বিকল্প নাই । অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়লৈ নিৰ্বাচিত হৈ অহা প্ৰতিযোগীসকলে নিজৰ সাধনাৰে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি তেওঁ আশা ব্যক্ত কৰে ।আজিৰ অনুষ্ঠানত মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মায়ো ভাষণ প্ৰদান কৰে।


         আজি শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগীসকলৰ মাজত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজিৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে জ্যোতি সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে চাৰিটা বিধানসভা সমষ্টিৰ পৰা বিভিন্ন শাখাত গীতৰ প্ৰতিযোগিতাৰ বাবে ১৩৫ গৰাকী গায়ক-গায়িকা আৰু ৩৬ টা নৃত্য দল নিৰ্বাচিত হৈ আহিছে। জিলা পৰ্যায়ত সফলতা লাভ কৰাসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। অহা ২০ জানুৱাৰীত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দৰঙৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব ।