কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা জ্ঞাপন আৰু বঁটা বিতৰণী সভা

কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা জ্ঞাপন আৰু বঁটা বিতৰণী সভা

কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা জ্ঞাপন আৰু বঁটা বিতৰণী সভা
কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা জ্ঞাপন আৰু বঁটা বিতৰণী সভা

কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা জ্ঞাপন আৰু বঁটা বিতৰণী সভা সম্পন্ন।
দেওমৰনৈৰ সমীপৰ জাপ মৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ২০ডিচেম্বৰ তাৰিখে কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা জ্ঞাপন আৰু বঁটা বিতৰণী সভা এখন অনুষ্ঠিত হৈ যায়।

প্ৰধান শিক্ষয়িত্ৰী মাননীয়া শ্ৰী হৰেশ্বৰী বৰুৱাই আদৰনী ভাষন আগবঢ়োৱা সভাখন শুভ উদ্বোধন কৰে বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতি সভাপতি মাননীয় শ্ৰী নন্দেশ্বৰ ডেকা দেৱে।বিদ্যালয় খনৰ অৱসৰী শিক্ষক মাননীয় শ্ৰী ৰাজেন্দ্ৰ বৰুৱা দেৱে সভাপতিত্ব কৰা সভাখনৰ আটধৰে শিক্ষক মাননীয় শ্ৰী হিৰণ্য কাশ্যপ দেৱে।বিদ্যালয় খন প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মাননীয় শ্ৰী কৰুনা কান্ত মহন্ত,অৱসৰী শিক্ষক মাননীয় শ্ৰী পুষ্পৰাম শৰ্মা,অৱসৰী শিক্ষক মাননীয় শ্ৰী বিচিত্ৰ কুমাৰ ডেকা,শিক্ষাবিদ মাননীয় শ্ৰী হলিৰাম ডেকা,বিদ্যালয়ৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰী বুদ্ধি বড়াৰ লগতে ভালে সংখ্যক শিক্ষানুৰাগী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

সভাত কৃতি ছাত্ৰ টিব্ৰজিৎ কলিতাক প্ৰয়াত থেপীন্দ্ৰ  শৰ্মা সোঁৱৰণী ন্যাসৰ  বঁটা প্ৰদান কৰা হয়।সভাৰ শেষত পতাকা অৱনমন কৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক মাননীয় শ্ৰী হৰেন্দ্ৰ নাথ বৰুৱা দেৱে।অনুষ্ঠানত মুঠ ২২ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় বুলি সহকাৰী শিক্ষক মাননীয় শ্ৰী জিতু মণি মহন্তই জানিবলৈ দিছে।