দৰং জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, চাইকেল আৰু চেক বিতৰণ অনুষ্ঠান

দৰং জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, চাইকেল আৰু চেক বিতৰণ অনুষ্ঠান

দৰং জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, চাইকেল আৰু চেক বিতৰণ অনুষ্ঠান
দৰং জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, চাইকেল আৰু চেক বিতৰণ অনুষ্ঠান

দৰং জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, চাইকেল আৰু চেক বিতৰণ অনুষ্ঠান

*অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ* 

মঙলদৈ, ১৬ ডিচেম্বৰ: অসম চৰকাৰে শিক্ষা, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰে বিকাশৰ ১২ দিন নামৰ এক প্ৰগতিশীল কাৰ্যসূচী হাতত লৈছে। ইয়াৰ অংশ হিচাপে আজি দৰং জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত বিকাশৰ ১২ দিন কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে যুগৰ পৰিৱৰ্তনৰ লগে লগে সকলোকে উচ্চ শিক্ষিত কৰাৰ আশাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনি হাতত লৈছে যাতে কোনো কতো আৰ্থিক অভাৱৰ বাবে ৰৈ থাকিবলগীয়া নহয়। মন্ত্ৰীগৰাকীয়ে বিনামূলীয়া কিতাপৰ পৰা আৰম্ভ কৰি বিনামূলীয়া নামভৰ্তি, মধ্যাহ্ন ভোজন, যাতায়তৰ সুবিধা আদিকে ধৰি  চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক যথেষ্ট সকাহ দিছে বুলি উল্লেখ কৰে।

তেওঁ অসমৰ সুসন্তান ড০ বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱাই অসমীয়া জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য ৰাখে। তেওঁ ছাত্ৰ -ছাত্ৰীসকলক মহান ব্যক্তিকেইগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।


     অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে মানৱীয় গুণ আহৰণ কৰি ভবিষ্যত সমাজখন আগুৱাই নিবলৈ আহ্বান জনায়। ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে শৈক্ষিক দিশত এক যুগান্তকাৰী পদক্ষেপ লোৱা আজিৰ দিনতো এক উল্লেখযোগ্য দিন। তেওঁ শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ ছাত্ৰ -ছাত্ৰীসকলক জ্ঞান লাভ ৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু ভৱিষ্যতে শিক্ষিত হৈ জিলাৰ লগতে দেশৰ নাম উজলাই তুলিবলৈ আহ্বান জনায়। তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এনে আঁচনি গ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। 
   


    আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক ভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী,চাইকেল আৰু চেক প্ৰদান কৰে। উল্লেখযোগ্য যে দৰং জিলাত ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ২২৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটী, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৮১৮৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ১১১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডি বি টি যোগে নগদ ধন লাভ কৰে।


       জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাৰ্থী, অভিভাৱক, শিক্ষক- শিক্ষয়িত্ৰীকে ধৰি বহু লোক উপস্থিত থাকে।