নিশা বাইহাটা চাৰিআলিত গৰুভৰ্তি ১৪ চকীয়া ট্ৰাক জব্দ। চালকক আটক।

নিশা বাইহাটা চাৰিআলিত গৰুভৰ্তি ১৪ চকীয়া ট্ৰাক জব্দ। চালকক আটক।

নিশা বাইহাটা চাৰিআলিত গৰুভৰ্তি ১৪ চকীয়া ট্ৰাক জব্দ। চালকক আটক।
নিশা বাইহাটা চাৰিআলিত গৰুভৰ্তি ১৪ চকীয়া ট্ৰাক জব্দ। চালকক আটক।

নিশা বাইহাটা চাৰিআলিত গৰুভৰ্তি ১৪ চকীয়া ট্ৰাক জব্দ। চালকক আটক। জব্দকৃত গো ধন গোশালালৈ প্ৰেৰণ। 

সংবাদ ডিজিটেল দুমুনিচকী ৮ নৱেম্বৰ:- গোপন সুত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত যোৱা নিশা বাইহাটা চাৰিআলি আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ১৪ চকীয়া গৰু ভৰ্তি ট্ৰাক এখন জব্দ কৰিবলৈ সক্ষম হয়। থানা খনৰ সমীপতে গৰু ভৰ্তি ট্ৰাক জব্দ কৰা ঘটনা পোহৰলৈ অহাৰ পিছতে অবৈধ ভাবে গো সৰবৰাহ কৰা চক্ৰয় ১৫ নং আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ দুয়োটা গো সৰবৰাহৰ ক্ষেত্ৰত সেউজ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহা বিষয়টো এতিয়া স্পষ্ট হৈ পৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে নিশা বাইহাটা চাৰিআলি আৰক্ষীয়ে নুমলিগড়ৰ পৰা অহা ডব্লিউ বি ৪৫ ৫৮৫৮ নম্বৰৰ এখন গৰু ভৰ্তি ট্ৰাক ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থকাৰ খবৰ লাভ কৰে। বাইহাটা চাৰিআলি হৈ বৰ্ণিহাত অভিমুখে যাবলগীয়া বাহনখনৰ খবৰ লাভ কৰা মাত্ৰকে আৰক্ষীয়ে নিৰ্ধাৰিত সময়লৈ খাপ পাতি ৰৈ থাকে।

সেই মৰ্মে নিশা প্ৰায় ১ বজাত থানা খনৰ সমীপতে উক্ত গৰু ভৰ্তি বাহনখন বাইহাটা চাৰিআলি আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে বাহন খনৰ চালক ৰফিকুল ইছলাম নামৰ যুৱক এজনক আটক কৰি জব্দ কৰা ৪১ টা গৰু কনিহাৰ নিজ বড়িগোগস্থিত সুৰভী নামৰ এখন গোশালাৰ জিম্মাত থয়।