মঙলদৈত ৰাইজে হাতেলোতে ধৰিলে এজন ঠগ-প্ৰবঞ্চকক।
মঙলদৈত ৰাইজে হাতেলোতে ধৰিলে এজন ঠগ-প্ৰবঞ্চকক।
মঙলদৈত ৰাইজে হাতেলোতে ধৰিলে এজন ঠগ-প্ৰবঞ্চকক।
বিহাৰৰ শ্ৰম কুমাৰ নামৰ এজনক কৰায়ত্ব।
দহ টকীয়া নোট দেখুৱাই প্ৰবঞ্চনাৰে লাখ টকা নিয়াৰ অভিসন্ধি সাৰ্থক নহল প্ৰবঞ্চক জনৰ।
উল্লেখযোগ্য যে মঙলদৈ ষ্টেট বেংকৰ মুখ্য শাখাৰ সন্মুখত এই ঘটনা।
শ্ৰম কুমাৰ নামৰ ঠগ জনে এজন ব্যক্তিৰ সন্মুখত ৬-৭ খন মান দহ টকীয়া নোট পেলাই দি ব্যক্তি গৰাকীক "এইয়া আপোনাৰ পইচা" বুলি কৈ ব্যক্তি জনৰ হাতত থকা টকাৰ বেগটো লৈ যোৱাৰ অভিসন্ধি কৰোতেই বেংকৰ সন্মুখত উপস্থিত লোক সকলে হাতে লোতে ধৰে।
পিছত বেংক কৰ্তৃপক্ষই মঙলদৈ আৰক্ষীক গতাই দিয়ে শ্ৰম কুমাৰ নামৰ ঠগ জনক।